July 24, 2026 10:36 AM

views 10

অসম বিনিয়োজন বিধেয়ক ২০২৬ বিধানসভাত মৌখিক ভোটত গৃহীত

অসম বিনিয়োজন বিধেয়ক ২০২৬ কালি বিধানসভাত মৌখিক ভোটত গৃহীত হয়। ইয়াৰ লগে লগে বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটেও বিধানসভাত অনুমোদন লাভ কৰে। বিত্ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যোৱা ১০ জুলাইত সদনত দাখিল কৰা বাজেট অনুসৰি এইবাৰৰ প্ৰাক-কলিত ব্যয়ৰ পৰিমাণ ২ লাখ ৮৫ হাজাৰ ৮৪ কোটি ৪৫ লাখ টকা। ইয়াৰে একত্ৰিত নিধিৰ পৰা ব্যয়ৰ পৰিমাণ ১ লাখ ৫৬ হাজাৰ ৭১৪ কোটি ৮৮ লাখ টকা ধার্য কৰা হৈছে। ষোড়শ বিধানসভাৰ বাজেট অধিবেশনৰ আজি একাদশ দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৬ সদ...

July 10, 2026 8:15 PM

views 14

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য

বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্রতিনিধিত্ব ক ৰিব। এই বাজেট ত বিজেপিৰনিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবপৰাকৈবিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়। বিজেপি মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতিতথা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়। ...

July 10, 2026 6:53 PM

views 30

বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ

বিত্ত মন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাব সন্মুখত ৰাখি সদনত এই বাজেট উপস্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে এই বাজেটে অহা পাঁচ বছৰৰ বাবে স্পষ্ট আৰু সূদূৰ প্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে। এই বাজেটত ১৮ খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্রদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থা...

July 10, 2026 6:38 PM

views 18

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা

বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক আৰু ঘাটি বাজেট বুলি আখ্যা দিয়ে। বাজেটত নতুন কিবা থাকিব বুলি আশা কৰা হৈছিল যদিও সেইধৰণেৰে একো বাজেটত ঘোষণা কৰা নাই বুলি তেওঁ কয়। উপ বিৰোধী দলপতি ডাঃ জয় প্রকাশ দাসেও বাজেটত একো নাই বুলি তীব্র সমালোচনা কৰে। তেওঁ কয় যে এই বাজেটত নিবনুৱাৰ বাবে কোনো উল্লেখযোগ্য বিষয় সন্নিবিষ্ট নহ'ল। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো পদ সৃষ্টি কৰা কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটীকেন্দ্ৰীক হোৱা বুলি দাসে সমাল...