অসম বিনিয়োজন বিধেয়ক ২০২৬ কালি বিধানসভাত মৌখিক ভোটত গৃহীত হয়। ইয়াৰ লগে লগে বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটেও বিধানসভাত অনুমোদন লাভ কৰে।
বিত্ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যোৱা ১০ জুলাইত সদনত দাখিল কৰা বাজেট অনুসৰি এইবাৰৰ প্ৰাক-কলিত ব্যয়ৰ পৰিমাণ ২ লাখ ৮৫ হাজাৰ ৮৪ কোটি ৪৫ লাখ টকা। ইয়াৰে একত্ৰিত নিধিৰ পৰা ব্যয়ৰ পৰিমাণ ১ লাখ ৫৬ হাজাৰ ৭১৪ কোটি ৮৮ লাখ টকা ধার্য কৰা হৈছে।
ষোড়শ বিধানসভাৰ বাজেট অধিবেশনৰ আজি একাদশ দিনা শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক ২০২৬ সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰিব।
ইয়াৰ উপৰি সদনত আজি কেইবাটাও সংকল্প প্রস্তাব উত্থাপন কৰা হ’ব। বিধানসভাৰ বিৰোধী পক্ষৰ নেতা বাজেদ আলী চৌধুৰীয়ে বান, গৰাখহনীয়া আদি বিষয় সন্দৰ্ভত সংকল্প প্ৰস্তাৱ উত্থাপন কৰাৰ কথা।