বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। তেওঁ কয় যে আজি উত্থাপন কৰা বাজেটে অসমৰ জনসাধাৰণৰ আকাংক্ষাক প্রতিনিধিত্ব ক ৰিব। এই বাজেট ত বিজেপিৰনিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবপৰাকৈবিজ্ঞানসন্মত প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলিও তেওঁ কয়।
বিজেপি মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতিতথা পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰে। বাজেটখনে সৰ্বস্তৰৰ লোককে সাঙুৰি লৈছে বুলি তেওঁ কয়।
বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। উপ বিৰোধী দলপতি ডাঃ জয় প্রকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলিসমালোচনা কৰে। স্বাস্থ্য বিভাগৰ বাহিৰে আন কতো নতুন পদ সৃষ্টি কৰা কথা বাজেটত উল্লেখ নাই বুলিও তেওঁ কয়। আন্তঃগাঁথনিৰ বিষয়সমূহো অকল গুৱাহাটীকেন্দ্ৰীক হোৱা বুলি দাসে সমালোচনা কৰে।
বিধায়ক অখিল গগৈয়েও আজি দাখিল কৰা বাজেটখনক অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰে। তেওঁ কয় যে বাজেটখনত কোনো জিলাৰ বাবে উন্নয়নমূলক প্ৰকল্পৰ কথা সন্নিৱিষ্ট নহ’ল। উল্লেখযোগ্য কোনো বিষয় বাজেটত সন্নিৱিষ্ট নহ ‘ল বুলি বিধায়ক গগৈয়ে সংবাদ মাধ্যমৰ আগত সমালোচনাত সৰৱ হৈ পৰে।