২০২৬-২৭ বিত্তীয় বৰ্ষত ১.৫৬ লাখ কোটি টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাৰ পূৰ্ণাংগ বাজেট উত্থাপন

২০২৬-২৭ বিত্তীয় বৰ্ষত এক কোটি ৫৬ লাখ টকাৰো অধিক ব্যয়ৰ প্ৰস্তাৱেৰে আজি বিধানসভাত বিত্তমন্ত্রী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেটত ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশৰ ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

২০২৬–২৭ বৰ্ষৰ বাজেটত চৰকাৰে সঞ্চিত পুঁজিৰ পৰা মুঠ ১ লাখ ৫৬ হাজাৰ ৭১৪.৮৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰিছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত ১ লাখ ১৮ হাজাৰ ৫৬২.২৩ কোটি টকা মুলধনী শিতানত ৩৮ হাজাৰ ১৫২.৬৫ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে।

মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱেৰে সদনত এই বাজেট উত্থাপন কৰা বুলি প্ৰকাশ কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে এই বাজেটে অহা পাঁচ বছৰৰ বাবে স্পষ্ট আৰু সূদূৰ প্ৰসাৰী কাৰ্যপন্থা নির্ধাৰণ কৰিছে। বাজেটত ১৮ খন ধবজাবাহী আঁচনিৰে সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমক পথ নিৰ্দেশনা প্রদান কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ পৰিকল্পিত ধাৰণাৰ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰা বুলিও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। অনাগত পাঁচ বছৰত ৰাজ্যখনৰ ৰাজহুৱা খণ্ডত দুই লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলি মন্ত্ৰী শ্ৰীমল্লবৰুৱাই প্ৰকাশ কৰে৷

বিধানসভা নিৰ্বাচনৰ সময়ত নিয়মীয়া বাজেট উপস্থাপন কৰিব নোৱৰাৰ বাবে বন্ধ হৈ থকা চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ সুবিধা অহা মাহৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰে ভিতৰত অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধি পেন্সন আঁচনিৰ ধন প্ৰদান কৰিব। একেদৰে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধাৰাবাহিকতা, নিবনুৱা স্নাতকসকলক কর্মসংস্থাপন নোপোৱা পৰ্যন্ত জীৱন প্ৰেৰণা আঁচনিৰ অধীনত মাহেকীয়া আর্থিক সাহায্য প্রদান আদি জনকল্যানমূলক পদক্ষেপ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছে।

বাজেটত ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে শৈক্ষিক ক্ষেত্ৰৰ উন্নয়নৰ বাবে এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্রিক মহাবিদ্যালয় পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাত গুণগত উচ্চ শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। এই বাজেটত আই আই এম গুৱাহাটীৰ এম বি এ পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ’ব আৰু নতুনকৈ স্থাপিত জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, শিৱসাগৰ, কোকৰাঝাৰ, বঙাইগাওঁ আৰু গুৰুচৰণ বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্রমে ১০০ কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে।

২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে নিযুত ম‍ইনা আঁচনিৰ অধীনত অক্টোবৰৰ পৰা ধন হস্তান্তৰ কৰা হ’ব লগতে নিযুত বাবু নিয়মীয়া চৰকাৰী আঁচনি হিচাপে গঢ়ি তুলি এই আঁছনি দুখনৰ অধীনত চলিত বিত্তীয় বৰ্ষত ৫ কোটি ৩ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

এইবাৰ বাজেটত মুলধনী ব্যয় ৩৮ হাজাৰ ১৫২ কোটি ৬৫ লাখ টকা নিৰ্ধাৰণ কৰা হৈছে। এই ব্যয়ৰ জৰিয়তে আন্তঃগাথনি সৃষ্টি আৰু দীৰ্ঘম্যাদি সম্পত্তি উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে। ইয়াৰ ভিতৰত গুৱাহাটী চেটেলাইট ছিটি অঞ্চলৰ উন্নয়ন, বিদ্যুৎ উৎপাদন আৰু সংবহন আন্তঃগাথনিৰ সম্প্ৰসাৰণ আৰু বৃহৎ পৰিসৰৰ জলসিঞ্চন আধুনিকীকৰণ কাৰ্যসূচীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে।
স্বাস্থ্য সেৱা খণ্ডত এই বাজেটত চিকিৎসক, নার্চ, ফাৰ্মাৰ্ছিষ্ট আৰু লেবৰেটৰী টেকনিচিয়ানকে ধৰি ৩৩ হাজাৰৰো অধিক পদ সৃষ্টিৰ প্ৰস্তাৱ দিয়া হৈছে। চৰকাৰে এই বাজেটৰ জৰিয়তে গোৱালপাৰা, হাইলাাকাণ্ডি, হোজাই আৰু বজালী জিলাত ৪ খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছে।

ধান, কুঁহিয়াৰ আৰু সৰিয়হ ক্ৰয়ৰ বাবে ৰাজ সাহায্য, জলসিঞ্চনৰ আন্তঃগাথনি সম্প্ৰসাৰণ, যোগ্য শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশিকীকৰণ আৰু অসমীয়া চিনেমা, সাহিত্য, সংগীত তথা সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰৰ বাবে অ’টিটি মঞ্চ মুকলি কৰাৰ কথাও বাজেটত উল্লেখ আছে।

মুখ্যমন্ত্ৰীৰ কৃষি সা-সজুঁলি যোজনাৰ আধাৰত ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকললৈ সাহায্য প্ৰদান কৰা হ’ব। এই আঁচনিৰ অধীনত প্ৰতিগৰাকী যোগ্য কৃষকক বছৰি ১১ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। দুগ্ধ পালকসকলক সাহায্য দিয়াৰ উদ্দেশ্যে গেপ ছাপোৰ্ট স্কীমৰ ব্যৱস্থা কৰাৰ কথাও বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিত্তমন্ত্ৰীয়ে মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।