বন আৰু পৰিবেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই খানাপাৰাৰ প্ৰশাসনিক মহাবিদ্যালয়ত বন বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে তিনি বছৰ কাৰ্যকালৰ অন্তত বন বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে বদলি কৰা হ’ব। মন পচন্দ সংমণ্ডল, ৰেঞ্জ, বীট কাৰ্যালয়ত বছৰ বছৰ ধৰি বিষয়াসকলে নিয়োজিত হৈ থাকিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰে। ধনৰ বিনিময়ত বদলি বা নিযুক্তিৰ অভিযোগ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সকিয়াই দিয়ে।
বদলিৰ বিনিময়ত কোনো বিষয়া বা কৰ্মচাৰীয়ে ধন বিচাৰিলে হোৱাটছএপযোগে মন্ত্ৰীগৰাকীক অভিযোগ দিবলৈ তেওঁ আহ্বান জনায়। বৈঠকত তেওঁ কয় যে বন বিভাগত থকা সকলো সুৰুঙা বন্ধ হ’ব লাগিব। বন বিভাগে প্ৰাপ্য ৰাজহখিনি সংগ্ৰহ কৰিব লাগিব বুলিও তেওঁ কয়। জনতাক হেঁচা প্ৰয়োগ কৰি ৰাজহ সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিবলৈ মন্ত্ৰী শ্ৰীবৰুৱাই বিষয়াসকলক সকিয়াই দিয়ে। জনতাৰ পৰা অযথা জৰিমনা বিহি চৰকাৰক শলঠেকত নেপেলাবলৈ তেওঁ বিষয়াসকলক নির্দেশ দিয়ে। বন বিভাগৰ লাভাংশ চৰকাৰী ৰাজকোষত জমা হ’ব লাগিব বুলি তেওঁ বিষয়াসকলক পৰামৰ্শ আগবঢ়ায়। বৈঠকত কুৱেৰী আৰু বালিৰ মহলত ব্যৱহাৰ হোৱা প্ৰতিখন বাহনত জিপিএছ লগোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে বাহনসমূহ কত ৰখা হৈছে সেই বিষয়ে বন বিভাগে ট্রেকিং কৰি থাকিব বুলিও উল্লেখ কৰা হৈছে।