July 22, 2025 8:29 PM

views 60

দিছপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পথ সমন্বয় প’ৰ্টেল মুকলি

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দিছপুৰত পথ সমন্বয় প'ৰ্টেল মুকলি কৰে। পথ নিৰ্মাণৰ লগত জড়িত বিভাগসমূহৰ মাজত সমন্বয় স্থাপন কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা প'ৰ্টেলটোৱে উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত বিভাগসমূহক সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, যে পৰ্টেলটোৰ জৰিয়তে ৰাইজেও কাম-কাজ নিৰীক্ষণ কৰি থাকিব পাৰিব। আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰয়ণ ডেকাৰ লগতে সংশ্লিষ্ট বিভাগসমূ...

June 15, 2025 1:42 PM

views 79

তেজপুৰ পৌৰ সভাৰ অধীনত  বোকা পৰিশোধন প্রকল্প মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ দ্বাৰা উদ্বোধন

স্বচ্ছ ভাৰত অভিযান নগৰৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে আজি তেজপুৰ পৌৰ সভাৰ অধীনত 10 KLD মল, বোকা পৰিশোধন প্রকল্প উদ্বোধন কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই এই প্ৰকল্পটো উদ্বোধন কৰে। এই প্ৰকল্পটোৰ জৰিয়তে পেলনীয়া গেদ, বোকা আদি সামগ্রী নিৰাপদে পৰিশোধন কৰি পানীৰ উৎস আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাটো নিশ্চিত কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে সমীপৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা প্রকল্পটো পৰিদৰ্শন কৰে।

June 1, 2025 9:00 PM

views 71

গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত বান সাহায্য প্রদানক লৈ জৰুৰীকালীন বৈঠক

ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জৰুৰীকালীন বান সাহায্য প্রদানক লৈ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মহানগৰত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানত ক্ষতিগ্রস্ত সকলো লোককে সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা ৫ গৰাকী লোকৰ পৰিয়ালে আজিৰ ভিতৰতে স...

May 18, 2025 8:33 PM

views 63

মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ঘোষণা

গুৱাহাটী মহানগৰীৰ দৃশ্যপট সালসলনি কৰাৰ লগতে মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি আজি দিশপুৰত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা বিভাগটোৰ বিষয়া, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বিভিন্ন সংগঠনৰ প্ৰতি...

May 18, 2025 8:28 PM

views 72

অসমত এখন এথলেটিক একাডেমী স্থাপন কৰা হ’বঃ জয়ন্ত মল্ল বৰুৱা

ৰাজ্যত এখন এথলেটিক একাডেমী স্থাপন কৰা হ'ব। এথলেটিক ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ উপাধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সামাজিক মাধ্যমৰ জৰিয়তে এই কথা সদৰি কৰে। ৰাজ্যৰ প্ৰতিভাসম্পন্ন খেলুৱৈসকলৰ প্রগতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰ আৰু অসম এথলেটিক এছোচিয়েছনৰ উদ্যোগত এই একাডেমী স্থাপন কৰা হ'ব। শ্ৰীবৰুৱাই আজি এছোচিয়েছনৰ বিষয়াসকল, প্রাক্তন খেলুৱৈ তথা প্ৰশিক্ষকৰ উপৰি স্থপতিবিদসকলৰ সৈতে সৰুসজাই অঞ্চলত উপযুক্ত স্থানৰ সন্ধানত জৰীপ চলায়। বিভিন্ন ক্ষেত্ৰত হোৱা প্ৰগতিৰ সমান্তৰালকৈ ৰাজ্যত ক্রীড়াৰ ইতিবাচক পৰিবেশ...

February 14, 2025 8:05 PM

views 79

এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এপ্ৰিলত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। বৰপেটাত এটা দলীয় কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে পঞ্চায়ত নির্বাচন পাতিবলৈ সাজু হৈ আছে। পৰীক্ষাৰ অন্ত হলেই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।

February 14, 2025 1:02 PM

views 60

অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰণালী নামৰ ডিজিটেল মঞ্চ মুকলি জয়ন্ত মল্লবৰুৱাৰ

ৰাজ্যৰ গৃহ নিৰ্মানৰ অনুমতি লাভৰ ব্যৱস্থাটো সু-শৃংখলিত কৰাৰ উদ্দেশ্যে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি অনলাইন গৃহ নিৰ্মাণৰ অনুমতি প্ৰণালী নামৰ ডিজিটেল মঞ্চ মুকলি কৰে। এতিয়াৰে পৰা নিৰ্মাণৰ অনুমতিৰ বাবে সকলো আৱেদন অনলাইন পৰ্টেলৰ জৰিয়তে দাখিল কৰিব লাগিব। গুৱাহাটীৰ খানাপাৰাৰ অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি মন্ত্রী জয়ন্ত মল্লবৰুৱাই কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, এই মঞ্চই ৰাজ্যত নিৰ্মাণৰ অনুমতি প্ৰক্ৰিয়াক অধিক দক্ষ, স্বচ্ছ আৰু দুৰ্...

January 15, 2025 7:42 PM

views 84

শিৱসাগৰ জিলাৰ পৰ্যটনৰ বিকাশৰ জৰিয়তে ৰাজ্যৰ পৰ্যটন আন্তঃগাঁথনিৰ প্ৰভূত উন্নয়ন কৰিব পৰা যাব বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি শিৱসাগৰত টাই-আহোম যুৱ পৰিষদে আয়োজন কৰা পঞ্চদশ বাৰ্ষিক ৰংপুৰ মেলা শীতকালীন উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰংপুৰ মেলাৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰি আয়োজকসকলৰ প্ৰচেষ্টাৰ শলাগ লয়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্ৰীবৰুৱাই ৰাজ্য চৰকাৰে জিলাখনৰ পৰ্যটনৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। শিৱদৌল, জয়দৌল, তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ আদিকে ধৰি আহোম সাম্ৰাজ্যৰ ঐতিহাসিক সমলেৰে ভৰি থকা ...

January 4, 2025 6:20 PM

views 50

খাৰঘূলিৰ পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ক্ষতিপূৰণ প্ৰদান

গুৱাহাটীৰ খাৰঘূলি অঞ্চলত সংঘটিত পানী যোগান পাইপ বিস্ফোৰণত ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক আজি জল বৰ্ডৰ তৰফৰ পৰা ক্ষতিপূৰণ প্ৰদান কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম যোগে জনোৱা অনুসৰি আংশিকভাৱে ক্ষতিগ্ৰস্ত ২৩টা পৰিয়ালক ১১লাখ ৯৬ হাজাৰ ৫০০ টকাৰ ক্ষতিপূৰণ দিয়া হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এটা প্ৰতিনিধি দলৰ সৈতে গৈ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক চেক প্ৰদান কৰে।

December 26, 2024 8:18 PM

views 56

গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সঞ্জা মেলা উদ্বোধন

ৰাজ্য চৰকাৰৰ নগৰ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সঞ্জা মেলা উদ্বোধন কৰে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অধীনৰ দিন দয়াল জন আজীৱিকা যোজনাৰ অধীনত নগৰীয়া জীৱিকা অভিযান শাখাৰ তত্বাৱধানত আৰম্ভ হোৱা এই মেলা অহা ৩০ ডিচেম্বৰলৈ চলিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আজিৰ উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াকে ধৰি বিভাগীয় জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।