ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জৰুৰীকালীন বান সাহায্য প্রদানক লৈ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মহানগৰত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানত ক্ষতিগ্রস্ত সকলো লোককে সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা ৫ গৰাকী লোকৰ পৰিয়ালে আজিৰ ভিতৰতে সাহায্য ধনৰাশিৰ চেক লাভ কৰিব বুলি প্ৰকাশ কৰে।
Assamese | June 1, 2025 9:00 PM | Jayanta Malla Baruah | Kamrup metro
গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত বান সাহায্য প্রদানক লৈ জৰুৰীকালীন বৈঠক