January 6, 2026 7:18 AM

views 62

কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে স্বপ্নীল পালৰ কাৰ্য্যভাৰ গ্ৰহণ

কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত হিচাপে স্বপ্নীল পালে আজি কাৰ্য্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্রীপালে তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চট্টাৱনক তিনিচুকীয়ালৈ বদলি কৰি তিনিচুকীয়াত কৰ্মৰত পালক কামৰূপ মহানগৰ জিলাৰ দায়িত্ব দিয়া হৈছে।

October 26, 2025 7:12 PM

views 64

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ; মহানগৰীত যানবাহন চলাচলত প্ৰশাসনৰ নীতি-নির্দেশনা জাৰি

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হিন্দু ধৰ্মৰ অন্যতম প্রাচীন উৎসৱ ষট্ পূজা পালনৰ সকলো প্রস্তুতি সম্পূৰ্ণ হৈ উঠিছে। এই উপলক্ষে গুৱাহাটীৰ আৰক্ষী উপ-আয়ুক্ত কার্যালয়ে কাইলৈ আৰু পৰহিলৈ মহানগৰীখনত যানবাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ নীতি-নির্দেশনা জাৰি কৰিছে। কাইলৈ দিনৰ ১১ বজাৰ পৰা পৰহিলৈ দিনৰ ১১ বজালৈ এই নির্দেশনাসমূহ কার্যকৰী হ'ব। এই অনুসৰি গুৱাহাটী মহানগৰীত এই সময়ছোৱাত সামগ্রী পৰিবাহী গধূৰ বাণিজ্যিক বাহন আৰু অন্য গধুৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। অৱশ্যে মাছখোৱা অঞ্চলত পূজাৰ সামগ্ৰী আৰু ভক্তসকলক কঢ়িয়াই নিয়া ...

June 1, 2025 9:00 PM

views 66

গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত বান সাহায্য প্রদানক লৈ জৰুৰীকালীন বৈঠক

ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি জৰুৰীকালীন বান সাহায্য প্রদানক লৈ এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মহানগৰত ভূমিস্খলনত মৃত্যু হোৱা লোকৰ পৰিয়ালক চাৰি লাখ টকাকৈ সাহায্য প্ৰদানৰ লগতে গুৱাহাটীৰ কৃত্ৰিম বানত ক্ষতিগ্রস্ত সকলো লোককে সাহায্য প্ৰদানৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীত ভূমিস্খলনৰ ফলত মৃত্যু হোৱা ৫ গৰাকী লোকৰ পৰিয়ালে আজিৰ ভিতৰতে স...

April 9, 2025 8:02 PM

views 47

সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ মুৰববীলৈ দীপিকা চৌধুৰীৰ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে সকলো চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ মুৰববীলৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি সকলো শিক্ষকে পুৱা ৯ বজাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হ'ব লাগিব আৰু নিৰ্ধাৰিত সময়তহে বিদ্যালয় ত্যাগ কৰিব পাৰিব । বিদ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ সময় শিক্ষা সেতু এপত প্ৰতিফলিত হ'ব লাগিব। কোনো এগৰাকী শিক্ষকে একেৰাহে তিনি দিন বিদ্যালয়ত পলমকৈ উপস্থিত হ'লে তেওঁৰ এদিনৰ নৈমত্তিক ছুটী কৰ্তন হ'ব। নির্দেশনা অনুসৰি সকলো প্ৰাথমিক বিদ্যালয় দিনৰ ২ বা...

March 20, 2025 8:23 PM

views 60

ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ ৩২ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ভাৰতীয় উদ্যোগ মহাসংঘৰ যুৱ গোট ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে আজি কামৰূপ মহানগৰ জিলাৰ ৩২ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ অধ্যক্ষ ৰমেশ শ্বাহ জৈনে ছাত্র- ছাত্ৰীসকলক শিক্ষাগত দিশৰ লগতে উদ্যমিতাৰ দিশত আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি উল্লেখ কৰে। উল্লে...