ভাৰতীয় উদ্যোগ মহাসংঘৰ যুৱ গোট ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে আজি কামৰূপ মহানগৰ জিলাৰ ৩২ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ অসম ৰাজ্যিক বিদ্যালয় পৰিষদৰ অধ্যক্ষ ৰমেশ শ্বাহ জৈনে ছাত্র- ছাত্ৰীসকলক শিক্ষাগত দিশৰ লগতে উদ্যমিতাৰ দিশত আগবঢ়াই লৈ যোৱাৰ লক্ষ্যৰে এই চুক্তি স্বাক্ষৰ কৰা হৈছে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে ইয়ং ইণ্ডিয়ানছ গুৱাহাটীয়ে শিশু সুৰক্ষা, শিশুক যৌন নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা সৃষ্টি, স্বাস্থ্যজনিত বিষয়ত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে। আজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী আৰু মৰিগাঁৱৰ বিদ্যালয় পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াও উপস্থিত থাকে।
Assamese | March 20, 2025 8:23 PM | Kamrup metro
ইয়ং ইণ্ডিয়ানছ গুৱাহাটীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ ৩২ খন চৰকাৰী আৰু ব্যক্তিগত খণ্ড বিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত