কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত হিচাপে স্বপ্নীল পালে আজি কাৰ্য্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়া শ্রীপালে তিনিচুকীয়া জিলাৰ আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ শেহতীয়া নিৰ্দেশনা অনুসৰি, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত চট্টাৱনক তিনিচুকীয়ালৈ বদলি কৰি তিনিচুকীয়াত কৰ্মৰত পালক কামৰূপ মহানগৰ জিলাৰ দায়িত্ব দিয়া হৈছে।
Assamese | January 6, 2026 7:18 AM | Akashvani | Akashvani Guwahati | Akashvani News | Kamrup metro
কামৰূপ মহানগৰ জিলা আয়ুক্ত হিচাপে স্বপ্নীল পালৰ কাৰ্য্যভাৰ গ্ৰহণ