গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি দিছপুৰত পথ সমন্বয় প’ৰ্টেল মুকলি কৰে। পথ নিৰ্মাণৰ লগত জড়িত বিভাগসমূহৰ মাজত সমন্বয় স্থাপন কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰি উলিওৱা প’ৰ্টেলটোৱে উন্নয়নমূলক কাম-কাজৰ ক্ষেত্ৰত বিভাগসমূহক সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে কয়, যে পৰ্টেলটোৰ জৰিয়তে ৰাইজেও কাম-কাজ নিৰীক্ষণ কৰি থাকিব পাৰিব। আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰয়ণ ডেকাৰ লগতে সংশ্লিষ্ট বিভাগসমূহৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
Assamese | July 22, 2025 8:29 PM | Jayanta Malla Baruah
দিছপুৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পথ সমন্বয় প’ৰ্টেল মুকলি