August 10, 2025 7:58 PM | Jayanta Malla Baruah

printer

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মানকাচৰ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত খহনীয়া পৰিদৰ্শন

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি মানকাচৰ বাংলাদেশ সীমান্তৱৰ্তী কোক্রাডাংগাত খহনীয়া পৰিদৰ্শন কৰে। তেওঁ খহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোত জিঅ’ বেগ স্থাপনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে জিলাখনত ৰূপায়ণ হোৱা জনজীৱন মিছন আঁচনিৰ দুটা প্ৰকল্পও পৰিদৰ্শন কৰে। তেওঁ লগতে হাটশিঙিমাৰী জিলা প্ৰশাসন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকতো মিলিত হয়।