June 4, 2026 3:53 PM

views 23

মেক্স চিকিৎসালয়ৰ মালৱিয়া নগৰৰ অতিথিশালাত সংঘটিত অগ্নিকাণ্ডত আহতসকলৰ স্বাস্থ্যৰ বুজ দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি মেক্স চিকিৎসালয়ত মালৱিয়া নগৰৰ অতিথিশালাত কালি পুৱা সংঘটিত অগ্নিকাণ্ডত আহত লোকসকলৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ আহত লোকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে যাৱতীয় সকলো সাহায্য প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। কালি এই অগ্নিকাণ্ডত ১২ গৰাকী বিদেশী নাগৰিককে ধৰি মুঠ ২১ জন লোকৰ মৃত্যু হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে। দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে এই ঘটনাত গুৰুতৰভাৱে আহত ৪...

June 4, 2026 3:43 PM

views 19

বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎ‍সালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত ৩জন লোকৰ মৃত্যু

বিহাৰৰ মুজফ্ফৰপুৰত এখন ব্যক্তিগত চিকিৎ‍সালয়ত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত তিনিজন লোকে প্ৰাণ হেৰুৱায় আৰু আন কেইবাজনো আহত হয়। মুজফ্‌ৰপুৰৰ জিলাধিপতি সুব্রত কুমাৰ সেনে এই কথা নিশ্চিত কৰিছে আৰু আহতসকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিবলৈ দিছে। তেওঁলোকক উন্নত চিকিৎ‍সাৰ বাবে অন্য চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে।

June 4, 2026 3:27 PM

views 27

উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন শ্বিলঙত অনুষ্ঠিত হৈ আছে

উত্তৰ-পূব পৰিষদৰ ৭৩ সংখ্যক পূর্ণাংগ অধিবেশন মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্রী তথা উত্তৰ-পূৱ পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীৰ প্ৰতিবেদন সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হ'ব। অধিবেশনত পৰ্যটন, কৃষি আৰু উদ্যানশস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিড'ৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত-হস্তশিল্প, গাখীৰ, কণী, মাছ-মাংসৰ উৎপাদনৰ স্বাৱলম্বিতা অর্জনক ল...

June 4, 2026 3:04 PM

views 23

‘‘ভাৰত আৰু লাঅ’ছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে’’ -ৰাষ্ট্ৰপতি মুর্মু

ভাৰত আৰু লাঅ’ছৰ মাজত প্ৰাচীন কালৰেপৰা থকা ঘনিষ্ঠ সম্পর্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি কয়, যে দুয়োখন দেশে এইবছৰ উভয় দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিছে। লাঅ’ছ গণতান্ত্ৰিক গণৰাজ্যৰ উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্রী থংছাভান ফ’মভিহানেক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য...

June 4, 2026 3:18 PM

views 23

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেল্‌চি ৰোড়িক কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি পুৱা নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেল্‌চি ৰোড়িক সাক্ষাৎ কৰে। ড° জয়শংকৰে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয়, যে ভাৰতে ভেনিজুৱেলাৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক সন্মান কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীৰ বৈঠকে উভয় দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰিব।

June 3, 2026 10:42 PM

views 25

তেল বিপণন কোম্পানীসমূহক ১০ হাজাৰ কোটি টকাৰ এককালীন বাজেট সমর্থন আগবঢ়োৱাত কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই ভাৰতীয় বিমান সংস্থাসমূহক বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক ১০ হাজাৰ কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। পশ্চিম এছিয়া সংকটৰ ফলত সৃষ্টি হোৱা ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত ভাৰতীয় বিমান সংস্থাসমূহক তেওঁলোকৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উৰণ অব্যাহত ৰখাৰ ক্ষেত্ৰত ইন্ধনৰ মূল্য সুস্থিৰ কৰাৰ বাবে তেল বিপণন কোম্পানীসমূহলৈ এই সহায় আগবঢ়োৱা হ’ব। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই স...

June 3, 2026 10:20 PM

views 10

আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে সংবাদমেল অনুষ্ঠিত

উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। কাছাৰ জিলা বিজেপিয়ে আজি শিলচৰত এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত এই দেৱানী বিধিৰ প্ৰকৃত তথ্যসমূহ জনসাধাৰণক অৱগত কৰোৱাৰ প্ৰয়াস কৰে। সংবাদমেলত হাইলাকান্দিৰ বিধায়ক ড০ মিলন দাসে কয় যে এই বিধেয়কখনৰ প্ৰথম খণ্ডত বহু-বিবাহ, বিবাহ বিচ্ছেদ আদি সম্পৰ্কীয় বিধান আৰু শাস্তি সন্নিৱিষ্ট কৰাৰ বিপৰীতে দ্বিতীয় খণ্ডত সম্পত্তিৰ অধিকাৰ আৰু তৃতীয় অংশত লীভ ইন ৰিলেচনশ্বিপত আইনী স্বীকৃ...

June 3, 2026 8:16 PM

views 31

উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কার্যালয়ত সংবাদমেল অনুষ্ঠিত

উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কার্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। তামুলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশিষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহুবিবাহৰ দৰে স্পর্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সমঅধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলাম ধর্মীয়...

June 2, 2026 12:34 PM

views 33

ৰাজ্যত অহা ২ আগষ্টৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

■ ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পর্কীয় প্রশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সম-জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত...

June 2, 2026 2:17 AM

views 22

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পৰ্কীয় প্রশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনক ৬টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, ছিদলী আৰু বেংতল গ্রামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী...