‘‘ভাৰত আৰু লাঅ’ছৰ মাজৰ সম্পৰ্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে’’ -ৰাষ্ট্ৰপতি মুর্মু

ভাৰত আৰু লাঅ’ছৰ মাজত প্ৰাচীন কালৰেপৰা থকা ঘনিষ্ঠ সম্পর্ক বুদ্ধ দৰ্শনৰ উমৈহতীয়া ঐতিহ্য আৰু ৰামায়ণত প্ৰতিফলিত হৈ আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কালি কয়, যে দুয়োখন দেশে এইবছৰ উভয় দেশৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৭০ সংখ্যক বাৰ্ষিকী উদযাপন কৰিছে।

লাঅ’ছ গণতান্ত্ৰিক গণৰাজ্যৰ উপ-প্রধানমন্ত্ৰী তথা বিদেশ মন্ত্রী থংছাভান ফ’মভিহানেক ৰাষ্ট্ৰপতি ভৱনত আদৰণি জনাই শ্ৰীমতী মুৰ্মুৱে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ২০২৪ চনৰ অক্টোবৰত লাঅ’ছলৈ গৈছিল আৰু এই ভ্ৰমণকালত স্বাক্ষৰিত চুক্তি সমূহে উভয় দেশৰ মাজত সহযোগিতাক গতি প্ৰদান কৰিছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে ভাৰত আৰু লাঅ’ছৰ মাজত দ্বিপাক্ষিক বাণিজ্য যথেষ্ট বৃদ্ধি পাইছে যদিও বিনিয়োগ আৰু বাণিজ্যৰ ক্ষেত্ৰত এতিয়াও অধিক প্ৰগতিৰ থল আছে। ভাৰত তথ্য আৰু যোগাযোগ প্রযুক্তি, স্বাস্থ্য, চিকিৎসা, শিক্ষা, জলসিঞ্চন, উৎপাদন, নৱীকৰণযোগ্য শক্তি আৰু বিদ্যুতকে ধৰি বিভিন্ন ক্ষেত্ৰত দেশখনৰ সৈতে সহযোগিতা সম্প্ৰসাৰণ কৰিবলৈ পালে আনন্দিত হ’ব বুলি শ্ৰীমতী মুৰ্মুৱে উল্লেখ কৰে।

ৰাষ্ট্ৰপতিয়ে লগতে দুয়োখন দেশৰ মাজত উন্নয়নমূলক সহযোগিতা দিনকদিনে সুদৃঢ় হোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ ঘনিষ্ঠ সহযোগিতাই দেশ দুখনৰ জনসাধাৰণক যথেষ্ট উপকৃত কৰিব বুলি মত পোষণ কৰে।