কেন্দ্ৰীয় মন্ত্রীসভাই ভাৰতীয় বিমান সংস্থাসমূহক বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক ১০ হাজাৰ কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে।
পশ্চিম এছিয়া সংকটৰ ফলত সৃষ্টি হোৱা ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত ভাৰতীয় বিমান সংস্থাসমূহক তেওঁলোকৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উৰণ অব্যাহত ৰখাৰ ক্ষেত্ৰত ইন্ধনৰ মূল্য সুস্থিৰ কৰাৰ বাবে তেল বিপণন কোম্পানীসমূহলৈ এই সহায় আগবঢ়োৱা হ’ব।
নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই সিদ্ধান্তই অসামৰিক বিমান পৰিবহনৰ সৈতে জড়িত ৭৭ লাখ কৰ্মচাৰীক নিৰপত্তা দিব।