ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেল্‌চি ৰোড়িক কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰৰ সাক্ষাৎ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি পুৱা নতুন দিল্লীত ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেল্‌চি ৰোড়িক সাক্ষাৎ কৰে।

ড° জয়শংকৰে বৈঠকৰ অন্তত সামাজিক মাধ্যমযোগে কয়, যে ভাৰতে ভেনিজুৱেলাৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কক সন্মান কৰে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কাৰ্যবাহী ৰাষ্ট্ৰপতিগৰাকীৰ বৈঠকে উভয় দেশৰ মাজৰ সহযোগিতা অধিক সুদৃঢ় কৰিব।