উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কার্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। তামুলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশিষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে।
বহুবিবাহৰ দৰে স্পর্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সমঅধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলাম ধর্মীয় মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ- পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।
চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্র মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
নগাওঁ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধিক খিলঞ্জীয়াৰ ৰক্ষাকৱচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে।