উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। কাছাৰ জিলা বিজেপিয়ে আজি শিলচৰত এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত এই দেৱানী বিধিৰ প্ৰকৃত তথ্যসমূহ জনসাধাৰণক অৱগত কৰোৱাৰ প্ৰয়াস কৰে।
সংবাদমেলত হাইলাকান্দিৰ বিধায়ক ড০ মিলন দাসে কয় যে এই বিধেয়কখনৰ প্ৰথম খণ্ডত বহু-বিবাহ, বিবাহ বিচ্ছেদ আদি সম্পৰ্কীয় বিধান আৰু শাস্তি সন্নিৱিষ্ট কৰাৰ বিপৰীতে দ্বিতীয় খণ্ডত সম্পত্তিৰ অধিকাৰ আৰু তৃতীয় অংশত লীভ ইন ৰিলেচনশ্বিপত আইনী স্বীকৃতিৰ বিষয়ে উল্লেখ কৰা হৈছে।
চিৰাং জিলাৰ বিজনীৰ বিজেপিৰ মণ্ডল কাৰ্যালয়ত আয়োজিত সংবাদমেলত বিজেপিৰ পেনেলিষ্ট অর্জুন চেত্ৰীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশৰ বিষয়ে ব্যাখ্যা কৰে। এই বিধিৰ জৰিয়তে সকলো নাগৰিকৰ বাবে সম আইন প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে বুলি শ্রীচেত্ৰীয়ে প্ৰকাশ কৰে।