June 5, 2026 9:08 PM

views 24

২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই

গৃহ মন্ত্ৰালয়ে ২০২৭ বৰ্ষৰ পদ্ম বঁটাৰ বাবে আবেদনৰ অন্তিম দিন অহা ৩১ জুলাই ধাৰ্য কৰিছে। মন্ত্ৰালয়ে জনাইছে যে, মনোনয়ন প্রক্রিয়াসমূহ ইতিমধ্যে যোৱা ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈছে। আবেদনসমূহ ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৰ্টেলত অনলাইনযোগে দাখিল কৰিব লাগিব বুলি মন্ত্ৰালয়ে প্রকাশ কৰিছে। উল্লেখযোগ্য যে পদ্ম বিভূষণ, পদ্ম ভূষণ, পদ্মশ্ৰী বঁটা দেশৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ অন্যতম। ১৯৫৪ চনৰ পৰা এই বঁটা আগবঢ়াই অহা হৈছে। প্ৰতিবছৰে গণতন্ত্ৰ দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সাহিত্য আৰু শিক্ষা, ক্রীড়া, ঔষধ, সমাজ সেৱা...

June 5, 2026 9:07 PM

views 24

নেপালৰ বৈদেশিক মন্ত্ৰী ছিছিৰ খানাল ৩ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়

নেপালৰ বৈদেশিক মন্ত্ৰী ছিছিৰ খানাল তিনিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হয়। বিদেশ মন্ত্রী ড° এচ জয়শংকৰৰ আমন্ত্ৰণ মৰ্মে তেওঁ ভাৰত ভ্ৰমণ কৰিছে। নতুন দিল্লীত আজি দুপৰীয়া এখন সংবাদমেলত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে কাইলৈ দুয়োৰাকী বিদেশ মন্ত্ৰীৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। উন্নয়নমূলক সহযোগিতাকে ধৰি বাণিজ্য আৰু বিনিয়োগলৈকে বিভিন্ন খণ্ডত ভাৰতৰ নেপালৰ সৈতে থকা ব্যাপক কাৰ্যসূচীৰ বিষয়েও শ্রীজয়ছোৱালে আলোকপাত কৰে। নেপালৰ সৈতে বহুপাক্ষিক অংশীদাৰিত্ব শক্তি...

June 5, 2026 8:35 PM

views 14

উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ চৰকাৰী আঁচনিসমূহৰ সুবিধাৰ্থে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে

উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। ...

June 5, 2026 7:42 PM

views 23

কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা- সীমান্ত আউট প’ষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্রহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্র সীমাবলৰ আঠটা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ'ব। গৃহমন্ত্ৰী শ্ৰী শ্বাহ...

June 5, 2026 7:14 PM

views 40

বিশ্ব পৰিবেশ দিৱস উপলক্ষে নতুন দিল্লীত ১৮খন নমো অক্সিজেন উদ্যান মুকলি

বিশ্ব পৰিবেশ দিৱস উপলক্ষে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি নতুন দিল্লীত ১৮ খন নমো অক্সিজেন উদ্যান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এজোপা গছ মাৰ নামত শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ অধীনত এলানি পৰিবেশ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীযাদৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিবেশ সম্বন্ধীয় কার্যত ভাৰত বিশ্বনেতা হিচাপে পৰিচিত হৈছে। তেওঁ কয় যে ভাৰতে সৌৰশক্তি স্থাপনত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট...

June 5, 2026 6:36 PM

views 27

অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা লাভ কৰা ৬৫ গৰাকী ব্যক্তিক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে সন্মান প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটা লাভ কৰা ৬৫গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰিব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এই অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। চলিত বৰ্ষত পাঁচটা পদ্ম বিভূষণ, ১৩টা পদ্মভূষণ আৰু ১১৩টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ১৩১গৰাকী ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। প্ৰতি বছৰৰ গণৰাজ্য দিৱসৰ দিনা এই বঁটা ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্রিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু...

June 5, 2026 6:36 PM

views 15

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় ৭০ হাজৰৰো অধিক শিক্ষার্থীয়ে অভিযোগ উত্থাপন কৰি নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে

  চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় ৭০ হাজৰৰো অধিক শিক্ষার্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে। ইয়াৰে ৭,৩১৪ গৰাকী আবেদনকাৰীয়ে নম্বৰৰ পুনৰীক্ষণৰ বাবে আৰু ৬৩ হাজাৰতকৈও অধিক আবেদনকাৰীয়ে পুনৰ মূল্যায়ণৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে, উত্তৰ বহীৰ স্কেন কপি পর্যৱেক্ষণ কৰা আৰু সমস্যাৰ পৰীক্ষণ তথা পুনৰ মূল্যায়ণৰ বাবে চি বি এছ ই কৰ্তৃপক্ষই যোৱা মঙলবাৰে এটা অনলাইন প'ৰ্টেল মুকলি কৰিছিল৷ যোৱা ১৩ মেত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা...

June 5, 2026 5:49 PM

views 21

অসম মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ সম্পন্ন

♦ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্যিক মন্ত্রীসভাত স্থান লাভ কৰা ১২ গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই নতুন মন্ত্ৰীসকলক শপতবাক্য পাঠ কৰোৱায়। শপত গ্রহণ অনুষ্ঠানত এন ডি এ মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়ক তথা দলীয় নেতা-কর্মীসকল উপস্থিত থাকে। উল্লেখযোগ্য যে মুখ্যমন্ত্রী ড° শৰ্মাই কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰা সম্প্ৰসাৰিত মন্ত্রীসভাত এন ডি এৰ ১২গৰাকী বিধায়কে স্থান লাভ কৰে। ইয়াৰ...

June 5, 2026 7:14 PM

views 28

আজি বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে ৫ জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে – ‘প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ। আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে'। বিশ্ব পৰিবেশ দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এজোপা গছ মাৰ নামত পদক্ষেপৰ দৰে কাৰ্যসূ...

June 4, 2026 4:13 PM

views 23

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ গুজৰাট আৰু দমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষ পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডৰ ভালেমান উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্রীমোদীয়ে লগতে ছুৰাটত ২০০ খন বিছনাযুক্ত এখন ই এছ আই চি চিকিৎসালয় মুকলি কৰিব। সন্ধিয়াৰ ভাগত তেওঁ দমনলৈ যাব আৰু তাত দুহেজাৰ ৯৭০ কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পসমূহৰ ভিতৰত স্বাস্থ্য, অসামৰিক বিমান পৰিবহণ, পর্যটন, আন্তঃগাঁ...