উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনৰ চৰকাৰী আঁচনিসমূহৰ সুবিধাৰ্থে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে

উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে।

এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

পত্ৰখনত উল্লেখ কৰা অনুসৰি মাচুল ৰেহাই আঁচনি, মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি আৰু মুখ্যমন্ত্ৰী নিযুত বাবু আচনিৰ সুবিধা লাভ কৰাৰ বাবে শিক্ষাৰ্থীৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে।

সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বৈধ আধাৰকাৰ্ড সম্পৰ্কীয় তথ্য সমৰ্থ প’ৰ্টেলৰ অন্তৰ্ভুক্ত কৰিবলৈ শিক্ষা প্রতিষ্ঠানসমূহক নির্দেশ দিয়া হৈছে। আনহাতে আধাৰ কাৰ্ড নথকা ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড শীঘ্ৰেই প্ৰস্তুত হোৱাটো নিশ্চিত কৰিবলৈকো শিক্ষা প্রতিষ্ঠানসমূহক নির্দেশ দিয়া হৈছে।