June 8, 2026 5:47 PM

views 13

ভাৰতে কাইলৈৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ব্ৰিক্‌ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ বৈঠকৰ আয়োজন কৰিছে

ভাৰতে অহা কাইলৈৰ পৰা ১৩ জুনলৈ মধ্যপ্ৰদেশৰ ইণ্ডোৰত ব্ৰিক্‌ছ ৰাষ্ট্ৰগোষ্ঠীৰ কৃষি কৰ্মগোট আৰু কৃষি মন্ত্ৰীসকলৰ এলানি বৈঠকৰ আয়োজন কৰিছে। ভূপালত আজি এখন সংবাদমেল সম্বোধন কৰি কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে ভাৰতৰ চলিত বছৰত ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতা সূত্রে এই বৈঠকসমূহৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে সম্প্ৰতি ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী শক্তিশালী গোলকীয় মঞ্চ হিচাপে পৰিগণিত হৈছে। ব্ৰিকছ ৰাষ্ট্ৰসমূহে বিশ্বৰ কৃষি ভূমিৰ ৪২ শতাংশ অধিকাৰ কৰি আছে আৰু গোলকীয় খাদ্য উৎপাদনৰ ৪৫ শতাংশ বৰঙণি যোগাই আহিছে। শ্রীচ...

June 8, 2026 5:38 PM

views 15

কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ উদ্দেশ্যে চণ্ডীগড়ত উপস্থিত লোকসভাৰ অধ্যক্ষ ওম বিৰলা

কমনৱেল্থ সংসদীয় সংস্থা, চি পি এ-ৰ ZONE-2 সন্মিলনত অংশ লোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি কিছু সময় পূর্বে চণ্ডীগড়ত উপস্থিত হয়। তেওঁ হাৰিয়ানাৰ লোকভৱনত ৰাজ্যপাল অসীম কুমাৰ ঘোষক সাক্ষাৎ কৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। উল্লেখযোগ্য যে হাৰিয়ানা বিধানসভাই এই সন্মিলনৰ আয়োজন কৰিছে। ৰাজ্যসভাৰ উপ-সভাপতি হৰিবংশ, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াৱ সিং ছাইনী, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, দেশৰ ১৫ খন বিধানসভাৰ প্রিজাইডিং বিষয়া তথা বিধানসভাৰ সদস্যসকলে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন...

June 6, 2026 4:46 PM

views 33

অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন

অহা ৬ জুলাইৰ পৰা ২১ দিনৰ বাবে অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্রকাশ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, যে বাজেট গৃহীত হোৱাৰ পাছত ১ আগষ্টৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনি পুনৰ নিয়মিতভাৱে কাৰ্যকৰী কৰা হ'ব। তেওঁ লগতে জনোৱা মতে ৰাজ্য চৰকাৰে বিধায়ক উন্নয়ন পুঁজিৰ ধন এইবছৰ ডেৰ কোটি টকালৈ আৰু অহা বিত্তীয় বৰ্ষৰ পৰা এই পুঁজি দুই কোটি টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ড° শৰ্মাই জনোৱা অনুসৰি বিধায়ক পুঁজি...

June 6, 2026 4:44 PM

views 27

তেজপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত

তেজপুৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মক লিচু খেতি কৰাৰ বাবে উৎসাহিত কৰিবলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। শোণিতপুৰ জিলা প্রশাসনে ভৌগোলিক স্বীকৃতি লাভ কৰা তেজপুৰৰ সুস্বাদু লিচু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰিছে। প্ৰধানমন্ত্ৰীলৈ জিলা প্ৰশাসনে প্ৰেৰণ কৰা এই বিশেষ উপহাৰে তেজপুৰৰ লিচুক ৰাষ্ট্ৰীয় পৰ্যায়ত অধিক জনপ্ৰিয় কৰাৰ লগতে ইয়াৰ...

June 6, 2026 4:33 PM

views 35

অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি ওপজা দিন

♦ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি ওপজা দিন। এইগৰাকী প্ৰথিতযশা শিল্পীয়ে ১৯৫৯ চনত মুক্তি পোৱা নিপ বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত জড়িত হৈ পৰিছিল। পৰৱৰ্তী সময়ত অর্থাৎ ১৯৬৯ চনত তেওঁ ড০ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। দুখন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ ২৭ খন ছবিত তেওঁ স্বাধীনভাৱে সংগীত পৰিচলনা কৰিছিল। ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ তেওঁ কেশৱ ম...

June 6, 2026 3:41 PM

views 25

মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাত ভাৰত বাংলাদেশৰ মুখামুখি হ’ব

• মহিলাৰ ছাফ ফুটবল প্রতিযোগিতাৰ গোৱাৰ মাৰগাঁৱত হ'বলগীয়া চূড়ান্ত খেলখনত আজি ভাৰত বাংলাদেশৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া ৬.৩০ বজাত অনুষ্ঠিত হ'ব। ভাৰতে ভূটানক ছেমি ফাইনেলত ১-০ গ’লত পৰাজিত কৰি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে।

June 6, 2026 3:14 PM

views 21

আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আলোচনাত মিলিত হ’ব

• বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি সন্ধিয়া নতুন দিল্লীত নেপালৰ বিদেশ মন্ত্ৰী শিশিৰ খানালৰ সৈতে আলোচনা বহিব। নেপালৰ বৈদেশিক মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই বৈঠকত দুয়ো পক্ষই যৌথ স্বার্থজড়িত বিষয়ত মত-বিনিময় কৰিব। লগতে বাণিজ্য, বিনিয়োগ, যোগাযোগ, শক্তি আৰু গণসংযোগৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ চেষ্টা চলাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে নেপালৰ বিদেশ মন্ত্ৰীগৰাকীৰ ভ্রমণে ভাৰত আৰু নেপালৰ মাজত বিশেষ অংশীদাৰিত্ব শক্তিশালী কৰিব তুলিব। তেওঁ উল্লেখ কৰে যে দু...

June 6, 2026 3:07 PM

views 35

আমেৰিকাৰ ছিয়াটলত আজি ভাৰতীয় আমৰ মহোৎসৱ ‘Mango Magic FestivaL’ৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে

• আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছিয়াটলত আজি ভাৰতীয় আমৰ মহোৎসৱ ‘Mango Magic Festival’ৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছে। ভাৰতীয় আম আমদানি কৰা দেশখনৰ ১০০তকৈও অধিক প্রতিষ্ঠানে এই মহোৎসৱত অংশগ্ৰহণ কৰিছে। মুঠ ৭ বিধ উচ্চ মানৰ ভাৰতীয় আম প্ৰদৰ্শনৰ ব্যৱস্থা কৰা এই মহোৎসৱত অংশগ্ৰহণকাৰীসকলৰ বাবে আমৰ সোৱাদ উপভোগ কৰাৰো ব্যৱস্থা ৰখা হৈছে। উল্লেখযোগ্য যে এই মহোৎসৱত মহাৰাষ্ট্ৰৰ আলফনছ' আৰু কেছৰ, অন্ধ্ৰপ্ৰদেশৰ বংগনপল্লী আৰু হিমায়ত, উত্তৰ প্ৰদেশৰ লেংৰা আৰু দছেৰী আৰু গুজৰাটৰ ৰাইপ ৰাজাপুৰী আম প্ৰদৰ্শন আৰু সোৱাদ গ্ৰহণৰ বা...

June 6, 2026 2:59 PM

views 24

ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক হাৱাইত অনুষ্ঠিত হয়

• ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ-সেনা প্রমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জোৱেল ৱ’ৱেলে সহ-অধ্যক্ষতা কৰে।  আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে যৌথ অভিযানৰ সামর্থ্য বৃদ্ধি কৰা বৃত্তিজীৱী ব্যক্তিৰ বিনিময় সম্প্ৰসাৰিত কৰা আৰু উভয় পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষই দেশ দুখনৰ মাজৰ সেনাৰ বৰ...

June 6, 2026 2:51 PM

views 28

বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল অর্থনীতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছেঃ ৰাজনাথ সিং

• প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অর্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭ শতাংশ হিচাপে নথিভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে শেহতীয়াকৈ বিগত ১২ বছৰতকৈ অধিক সময়ত ভাৰতীয় অর্থনীতিয়ে প্ৰদৰ্শন কৰা সহনশীলতা তথা অন্তর্নিহিত শক্তিৰ ফলত এই সাফল্য অর্জন কৰাটো সম্ভৱ হৈ উঠিছে। সামাজিক মাধ্যম...