অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি ওপজা দিন

♦ অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী যশস্বী সংগীত পৰিচালক আৰু কণ্ঠশিল্পী ৰমেন বৰুৱাৰ আজি ওপজা দিন। এইগৰাকী প্ৰথিতযশা শিল্পীয়ে ১৯৫৯ চনত মুক্তি পোৱা নিপ বৰুৱাৰ ছবি আমাৰ ঘৰৰ যুটীয়া সংগীত পৰিচালক হিচাপে ছবিৰ সংগীত পৰিচালনাত জড়িত হৈ পৰিছিল।

পৰৱৰ্তী সময়ত অর্থাৎ ১৯৬৯ চনত তেওঁ ড০ বেজবৰুৱাত প্ৰথমবাৰলৈ স্বাধীনভাৱে সংগীত পৰিচালনা কৰে। দুখন বাংলা ভাষাৰ ছবিকে ধৰি মুঠ ২৭ খন ছবিত তেওঁ স্বাধীনভাৱে সংগীত পৰিচলনা কৰিছিল।

ৰমেন বৰুৱা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী স্বীকৃতিপ্রাপ্ত কণ্ঠশিল্পী আৰু সুৰকাৰ তেওঁ কেশৱ মহন্ত, অজিত বৰুৱা, নৱকান্ত বৰুৱা, সতীশ দাস আদি ভালেসংখ্যক গীতিকাৰৰ গীতত সুৰ কৰিছিল।

অনিমা চৌধুৰী, পাহাৰী দাস, যুথিকা চৌধুৰী, নীলিমা খাতুন, কবিতা বৰঠাকুৰ, ৰুণজুন ফুকন আদি কণ্ঠশিল্পীক তেওঁ ছবিৰ নেপথ্য গায়িকা হোৱাৰ প্ৰথম সুযোগ দিছিল।

ভাৰতীয় গণনাট্য সংঘৰ এগৰাকী অগ্রণী কৰ্মী ৰমেন বৰুৱাৰ ওপজা দিনটো আজি গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।