• প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে বিশ্বৰ অধিকাংশ দেশেই অর্থনৈতিক ক্ষেত্ৰত অনিশ্চয়তাৰ সন্মুখীন হৈ অহা বৰ্তমানৰ সময়ত ভাৰতে বিশ্বৰ দ্ৰুত বিকাশশীল গুৰুত্বপূৰ্ণ অর্থনৈতিক শক্তি হিচাপে নিজৰ স্থিতি অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে।
২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৭.৭ শতাংশ হিচাপে নথিভুক্ত হোৱাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয়, যে শেহতীয়াকৈ বিগত ১২ বছৰতকৈ অধিক সময়ত ভাৰতীয় অর্থনীতিয়ে প্ৰদৰ্শন কৰা সহনশীলতা তথা অন্তর্নিহিত শক্তিৰ ফলত এই সাফল্য অর্জন কৰাটো সম্ভৱ হৈ উঠিছে।
সামাজিক মাধ্যমৰ জৰিয়তে আজি প্ৰচাৰ কৰা এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰী সিঙে লগতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে অর্থনৈতিক বিকাশক স্থিৰতা, আত্মবিশ্বাস, দীৰ্ঘস্থায়িত্ব আৰু নিৰ্ভৰশীলতাৰ সৈতে সাঙুৰি লৈ এইক্ষেত্ৰত সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰে।
ৰাষ্ট্রগঠন, উদ্ভাৱনৰ প্ৰতি দৃষ্টিনিক্ষেপ, আন্তঃগাঁথনি আৰু উদ্যমিতাৰ প্ৰতি শ্ৰী মোদীৰ দায়বদ্ধতাৰ লগতে সমগ্র বিশ্ব অভূতপূৰ্ব প্ৰত্যাহ্বানৰ মাজেৰে আগবাঢ়িবলগীয়া বৰ্তমানৰ সময়ত দেশক নেতৃত্ব দিয়াৰ তেওঁৰ সামর্থ্যৰ বিষয়ে উল্লেখ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয়, যে এনে কাৰকসমূহেই সম্প্ৰতি ভাৰতক আত্মবিশ্বাসী, সহনশীল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সন্মানজনক অর্থনৈতিক শক্তি হিচাপে প্ৰতিপন্ন কৰিছে।
তেওঁ লগতে ইয়াকো কয়, যে এই উল্লেখনীয় বিকাশৰ হাৰে নতুন নতুন সুযোগৰ সৃষ্টি কৰাৰ লগতে ১৪০ কোটি ভাৰতীয় নাগৰিকৰ আশা-আকাংক্ষাক অধিক শক্তিশালী কৰি তুলিছে।