চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় ৭০ হাজৰৰো অধিক শিক্ষার্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে।
ইয়াৰে ৭,৩১৪ গৰাকী আবেদনকাৰীয়ে নম্বৰৰ পুনৰীক্ষণৰ বাবে আৰু ৬৩ হাজাৰতকৈও অধিক আবেদনকাৰীয়ে পুনৰ মূল্যায়ণৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে, উত্তৰ বহীৰ স্কেন কপি পর্যৱেক্ষণ কৰা আৰু সমস্যাৰ পৰীক্ষণ তথা পুনৰ মূল্যায়ণৰ বাবে চি বি এছ ই কৰ্তৃপক্ষই যোৱা মঙলবাৰে এটা অনলাইন প’ৰ্টেল মুকলি কৰিছিল৷
যোৱা ১৩ মেত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল যদিও পৰীক্ষাৰ্থীসকলৰ এক বুজন অংশই প্রাপ্ত নম্বৰ সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি OSM পদ্ধতি অর্থাৎ অন ক্রীণ মার্কিং ব্যৱস্থা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে শিক্ষা মন্ত্ৰালয়ে OSM ব্যৱস্থাৰ কাৰ্যক্ষমতা, চুক্তিবদ্ধ বাধ্যবাধকতা আৰু গুণগত নিয়ন্ত্ৰণ ব্যৱস্থা সন্দৰ্ভত পর্যালোচনা আৰম্ভ কৰে।
শিক্ষাৰ্থীৰ মনত আত্মবিশ্বাস বজাই ৰখা আৰু জবাবদিহিতাৰ অংশ হিচাপে মন্ত্ৰালয়ে চি বি এছ ইৰ অধ্যক্ষ ৰাহুল সিং আৰু সচিব হিমাংশু গুপ্তাক বদলি কৰাৰ লগতে প্রশান্ত লোখান্দেক চি বি এছ ইৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।
উল্লেখযোগ্য যে চলিত মাহৰ ২ জুনত চৰকাৰে সামৰ্থ বিকাশ আয়োগৰ অধ্যক্ষ এছ ৰাধা চৌহানৰ অধীনত স্বতন্ত্র অনুসন্ধানৰ নিৰ্দেশ দিছিল।