June 6, 2026 4:24 PM

views 17

কাইলৈ চিবিএছই দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ আবেদন পত্র জমা দিয়াৰ অন্তিম দিন

চি বি এছ ইয়ে দ্বাদশ শ্ৰেণীৰ উত্তৰ বহীত প্ৰাপ্ত নম্বৰ পৰীক্ষণ আৰু পুনৰ মূল্যায়নৰ বাবে আবেদন পত্র জমা দিয়াৰ অন্তিম দিন কাইলৈ ধায্য কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্রীয় মাধ্যমিক শিক্ষা বোর্ডে কয়, যে শিক্ষাৰ্থীসকলে কাইলৈ মাজনিশা পর্যন্ত আবেদন পত্ৰ দাখিল কৰিব পাৰিব। শিক্ষাৰ্থীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ ই কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে আবেদনপত্ৰ দাখিলৰ অন্তিম দিন ৬ জুন বুলি ঘোষণা কৰা হৈছিল।

June 5, 2026 6:36 PM

views 16

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় ৭০ হাজৰৰো অধিক শিক্ষার্থীয়ে অভিযোগ উত্থাপন কৰি নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে

  চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণাৰ পৰৱৰ্তী সময়ত প্ৰায় ৭০ হাজৰৰো অধিক শিক্ষার্থীয়ে অভিযোগ উত্থাপন কৰি ইয়াৰ নিৰাময়ৰ বাবে আবেদন দাখিল কৰিছে। ইয়াৰে ৭,৩১৪ গৰাকী আবেদনকাৰীয়ে নম্বৰৰ পুনৰীক্ষণৰ বাবে আৰু ৬৩ হাজাৰতকৈও অধিক আবেদনকাৰীয়ে পুনৰ মূল্যায়ণৰ বাবে আবেদন কৰিছে। উল্লেখযোগ্য যে, উত্তৰ বহীৰ স্কেন কপি পর্যৱেক্ষণ কৰা আৰু সমস্যাৰ পৰীক্ষণ তথা পুনৰ মূল্যায়ণৰ বাবে চি বি এছ ই কৰ্তৃপক্ষই যোৱা মঙলবাৰে এটা অনলাইন প'ৰ্টেল মুকলি কৰিছিল৷ যোৱা ১৩ মেত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা...

December 29, 2025 4:34 PM

views 51

চি বি এছ ইয়ে চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব

● কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ-চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ'বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে প'ৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰি...

May 4, 2024 12:20 PM

views 70

২০ মে’ৰ পিছত ঘোষণা কৰা হ’ব চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল

♦ কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ২০ মে'ৰ পাছত ঘোষণা কৰা হ’ব। শুকুৰবাৰে চি বি এছ ইয়ে এক বিবৃতিযোগে এই কথা ঘোষণা কৰিছে। এইবাৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাৰ ফলাফল একেটা দিনতেই ঘোষণা কৰা হ’ব। পৰীক্ষাৰ ফলাফল চি বি এছ ইৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে এইবাৰৰ চি বি এছ ইব বোর্ড পৰীক্ষাত মুঠ ৩৯ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

April 6, 2024 12:44 PM

views 71

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত সাল-সলনি

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ৰ সৈতে সংগতি ৰাখি পৰীক্ষা তথা মূল্যায়ন পদ্ধতিত কিছু সাল-সলনি ঘটাইছে। নতুন পদ্ধতি অনুসৰি এতিয়া দক্ষতাভিত্তিক প্রশ্ন অধিক হোৱাৰ পৰিৱৰ্তে বিস্তৃত উত্তৰৰ প্ৰশ্নৰ সংখ্যা কম হ'ব। সংশোধিত নিৰ্দেশাৱলী অনুসৰি একাদশ আৰু দ্বাদশ শ্ৰেণীত বহুবিকল্প প্ৰশ্নৰ ৰূপত দক্ষতাভিত্তিক প্রশ্নসমূহ পূৰ্বৰ ৪০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ২০২৪-২৫ শিক্ষা বৰ্ষত চমু তথা দীঘলীয়া উত্তৰৰ প্ৰশ্নকে ধৰি বিস্তৃত উত্তৰৰ প্ৰশ্নসমূহ ৪০ শতাংশৰ পৰা ৩০ শতাংশলৈ...