● কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ-চি বি এছ ইয়ে ফেব্ৰুৱাৰীত হ’বলগীয়া কেন্দ্রীয় শিক্ষক যোগ্যতা নিৰূপণকাৰী পৰীক্ষা চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা প্ৰাৰ্থীসকলক সকাহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। চি বি এছ ইয়ে জাৰি কৰা অধিসূচনা অনুসৰি এই পৰীক্ষাৰ বাবে যোৱা ২৭ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনলাইন আবেদনৰ প্ৰক্ৰিয়া মুকলি আছিল যদিও সময়সীমা উকলি যোৱাৰ পাছত পৰিষদে প’ৰ্টেলৰ বিসংগতিৰ বাবে আবেদন সম্পূৰ্ণ কৰিব নোৱাৰা বুলি একাংশ শিক্ষাৰ্থীৰ পৰা অভিযোগ লাভ কৰিছিল। পৰিষদে বিষয়টো চালিজাৰি চাই পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ কৰা অথচ আবেদন প্রক্রিয়া সম্পূর্ণ নকৰা এক লাখ ৬১ হাজাৰৰো অধিক শিক্ষাৰ্থীক আবেদন সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে।
Assamese | December 29, 2025 4:34 PM | Akashvani | Akashvani News | CBSE
চি বি এছ ইয়ে চি-টেটৰ একবিংশ সংস্কৰণৰ বাবে অনলাইন আবেদন সম্পূৰ্ণ কৰিব