June 9, 2026 7:34 PM

views 30

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ ৩গৰাকীকৈ শ্রমিক আছে

ডুবাইত সোমবাৰে সংঘটিত পথ দুৰ্ঘটনাত নিহত ৭জন লোকৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু তেলেংগেনাৰ তিনিগৰাকীকৈ শ্রমিক আছে। দুৰ্ঘটনাত নিহত আনজন লোক শ্ৰীলংকাৰ নাগৰিক। দুৰ্ঘটনাত আহত আঠজন ভাৰতীয়ৰ ভিতৰত পাঁচজনক চিকিৎসাৰ অন্তত ঘৰলৈ যাবলৈ দিয়া হৈছে। তিনিজন এতিয়াও চিকিৎসাধীন হৈ আছে।

June 9, 2026 7:05 PM

views 20

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত ১৯ জুনৰ ভিতৰত কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেচ ডায়েৰীৰ লগতে নিম্ন আদালতৰ গোচৰটো সম্পৰ্কীয় নথি-পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে, ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্...

June 9, 2026 7:23 PM

views 29

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে

ৰবৰ ব’ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তগেছনে এই কথা সদৰি কৰে। শ্ৰীমতী চৌধুৰীয়ে কয় যে, বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰসাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেওঁ কয় যে,দূৰ্গম আৰু জনজাতীয় অধ্যোষিত এলেকা সমূহত তৃণমূল পৰ্যায়ৰ ৰবৰ...

June 9, 2026 6:55 PM

views 31

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্রম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাওঁ পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটিয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত ৩ বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ ব...

June 9, 2026 6:39 PM

views 8

স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন

স্বাধীনতা সংগ্রামী, জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ পূণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বীৰছা মুণ্ডাৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদর্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাত্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নির্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী ৰাধাকৃষ্ণনে কয়, যে বীৰছা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাবেৰে কৰা সংগ্রামকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পূ...

June 9, 2026 6:34 PM

views 12

ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা

বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত আদর্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আযোজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মোক্তাবে প্রথম স্থান লাভ কৰিছে। আলিটঙানী ওচমানিয়া বিদ্যালয়ে দ্বিত...

June 9, 2026 6:19 PM

views 14

অসম মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভৰ পাছত বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ

ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্রাপ্ত ১২ গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম-কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলিকৰণ প’ৰ্টেল আৰু শিক্ষা সেঁতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলিকৰণত বিলম্ব হ’ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে। বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব...

June 9, 2026 6:19 PM

views 18

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ

উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কার্যবাহী সঞ্চালক শ্রী এম বসন্তগেছনে এখন সংবাদ মেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি বিষয়াদ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে। অসম, নাগালেণ্ড আৰু ম...

June 9, 2026 6:11 PM

views 13

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্রতিষ্ঠানসমূহৰ সংঘ-এফ ই বি আই, ইণ্ডিয়াৰ সৈতেও ফলপ্রসূ আলোচনাত মিলিত হয়। ইউৰোপৰ ২৫০ টাৰো অধিক প্ৰতিষ্ঠান আৰু ছহেজাৰৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসম...

June 8, 2026 7:32 PM

views 15

লোকসেৱা ভৱনত আয়োজিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্রকল্পসমূহৰ অগ্ৰগতি পর্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সর্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্রসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অর্থাৎ‍ নাবার্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কর্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে।...