ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা

ডিব্ৰুগড় জিলাৰ ১৫ খন গাওঁ পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মা মুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়।

জিলা আয়ুক্ত বিক্রম কৈৰী অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাওঁ পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাত্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে।

ইয়াৰে নাহৰকটিয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত ৩ বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে।