ৰবৰ ব’ৰ্ডে উত্তৰ-পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। গুৱাহাটীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তগেছনে এই কথা সদৰি কৰে। শ্ৰীমতী চৌধুৰীয়ে কয় যে, বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰসাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
তেওঁ কয় যে,দূৰ্গম আৰু জনজাতীয় অধ্যোষিত এলেকা সমূহত তৃণমূল পৰ্যায়ৰ ৰবৰ প্ৰসংস্কৰণ আন্তঃগাঠনি সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন স্থানত ১৭টা অত্যাধুনিক প্ৰসংস্কণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
এই কেন্দ্ৰসমূহ অত্যাধুনিক ধুম্ৰ শোধিত ঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসম্মত প্ৰসংস্কৰণৰ সুবিধা আৰু উন্নত মানৰ ধোৱা দিয়া ৰবৰৰ শ্বিট উৎপাদন ব্যৱস্থাৰে সু-সজ্জিত। এই আচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চল আৰু পৰম্পৰাগতভাৱে ৰবৰৰ খেতিৰ সৈতে জড়িত নেহোৱা অঞ্চলসমূহলৈ প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবে ৪০ লাখ টকাকৈ সাহায্য আগবঢ়োৱা হৈছে।
ৰবৰ ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্তগেছনে কয় যে, এই কেন্দ্ৰসমূহে ৰবৰৰ গুণগত মান উন্নত কৰাৰ লগতে কৃষকৰ ব্যয় হ্ৰাস কৰাত সহায় কৰিব। আচনিখনৰ অধীনত প্ৰথমবাৰৰ বাবে ৰবৰ খেতিৰ সৈতে জড়িত হোৱা কৃষকসকলক বজাৰ উপলব্ধ কৰোৱাৰ বাবে সমবায়ভিত্তিক বিপণন ব্যৱস্থা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলৰ সবলীকৰণৰ জৰিয়তে গ্ৰামাঞ্চলত নিয়োগৰ নতুন সুযোগ সৃষ্টি হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।