ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা

বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাওঁ জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদর্শ ভোটগ্রহণ কেন্দ্র প্রতিযোগিতাৰ ফলাফল ঘোষণা কৰা হৈছে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত আদর্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আযোজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ ইয়াক অপচয় নকৰিব।

আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মোক্তাবে প্রথম স্থান লাভ কৰিছে। আলিটঙানী ওচমানিয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।

কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয়ে প্রথম, দক্ষিণ খলিহামাৰী বিদ্যালয়ে দ্বিতীয় আৰু দক্ষিণ লাইলুৰি প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কানুৱামাৰী মজলীয়া বিদ্যালয়ে প্রথম, সোণালীবালি বালিকা প্রাথমিক বিদ্যালয়ে দ্বিতীয় সোণালীবালি প্রাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।

নগাওঁৰ বটদ্ৰবা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্রথম, কিৰণৱালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাওঁ বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী, বাপুজীয়া চৰকাৰী মজলীয়া বিদ্যালয়ে প্রথম, বাপুজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে।