উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোর্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কার্যবাহী সঞ্চালক শ্রী এম বসন্তগেছনে এখন সংবাদ মেল সম্বোধন কৰে।
বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি বিষয়াদ্বয়ে সংবাদমেলত জানিবলৈ দিয়ে। অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত ১৭ টা আধুনিক গোট প্ৰসংস্কৰন কেন্দ্ৰ স্থাপন কৰা হৈছে।
এই কেন্দ্ৰসমূহৰ জৰিয়তে দুর্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱা ঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নত মানৰ ৰিবড স্মক্ড শীট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে।
প্ৰতিটো কেন্দ্ৰৰ নিৰ্মাণৰ বাবদ ৪০ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপনন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সৱলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কার্যবাহী সঞ্চালক শ্রী এম বসন্তগেছনে জানিবলৈ দিয়ে।