আঞ্চলিক সংবাদ

August 8, 2026 7:37 PM

views 26

গোলাঘাট জিলাৰ মৰঙি অঞ্চল পুনৰ বানৰ কবলত

শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা হ'বলগীয়া ক্ষয়-ক্ষতিৰ জৰীপৰ প্ৰস্তুতিৰ সময়তেই গোলাঘাট জিলাৰ মৰঙি অঞ্চল শেহতীয়াকৈ পুনৰ বানৰ কবলত পৰিছে।  জিলাখনৰ খুমতাই সমষ্টিৰ অন্তৰ্গত মৰঙি অঞ্চলৰ কেন্দুগুৰি আৰু কৰদৈগুৰিকে ধৰি কেইবাখনো গাঁৱত ধনশিৰি নৈৰ বাঢ়...

August 8, 2026 1:39 PM

views 16

তামুলপুৰত হাতীদাঁতৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক

অসম আৰক্ষীৰ বিশেষ কার্যবাহিনীয়ে যোৱানিশা অভিযান চলাই তামুলপুৰৰ বঙালীপাৰাৰ পৰা হাতীদাঁতৰ অবৈধ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত দুজন লোকক আটক কৰে। ধৃত লোকদুজন তামুলপুৰৰ নিবাসী গৌহম বসুমতাৰী আৰু শ্বদৌমা বড়িমাতাৰী বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে লোক দুজনৰ পৰা প্ৰায় চাৰি কেজি ওজনৰ দুটা হাতী দাঁত উদ্ধাৰ কৰ...

August 8, 2026 1:29 PM

views 18

সুকণ্ঠি গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ওপজা দিন

সুকণ্ঠি গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ওপজা দিন। শৈশৱতে জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰা সুদক্ষিণা শৰ্মাই ওপজা ঘৰখনতো সংগীতৰ বিশেষ পৰিৱেশ লাভ কৰিছিল। তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভগ্নী হোৱা হেতুকে সৰুৰে পৰাই ঘৰতেই সংগীতৰ চৰ্চা কৰিছিল। মাথো ১০ বছৰ বয়সতে সুদক্ষিণা শৰ...

August 8, 2026 1:07 PM

views 17

বানত সর্বাধিক ক্ষতিগ্রস্ত ৪ জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ'ব। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে সবিশেষ প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰা...

August 8, 2026 12:47 PM

views 15

ডিব্ৰুগড়ৰ ধান ক্রয় কেন্দ্র, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত সমবায় সমিতি পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা ডিব্ৰুগড় জিলাৰ ধান ক্রয় কেন্দ্র, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত সমবায় সমিতি পৰিদৰ্শন কৰে। খন্তেক পাছতে মন্ত্রী বায়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ডিব্ৰুগড় পৌৰ নিগম এলেকাত নির্মিয়মান...

August 8, 2026 12:34 PM

views 26

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ আৰক্ষী প্রশাসনত ব্যাপক সালসলনি

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত কালি ৰাজ্য চৰকাৰৰ আৰক্ষী প্রশাসনত ব্যাপক সালসলনি কৰা হয়। গৃহ বিভাগে জাৰি কৰা এটা নির্দেশনা অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ পৰ্যায়ৰ বিষয়াক নতুন দায়িত্ব অর্পণ কৰা হৈছে। সেই অনুসৰি বিশেষ শাখাৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিংহক পদোন্নতিসহ বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হ...

August 8, 2026 12:30 PM

views 28

ৰাজ্যৰ ১৩ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ১৩ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কৱলত আছে। বানত ৪৬৪ খন গাঁৱৰ ১ লাখ ৫৫ হাজাৰ লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৭৪৮.৬৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্রতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ হৈছেগৈ। বর্তমান ৫...

August 7, 2026 7:55 PM

views 11

গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীর্ষক দুটা বিশেষ অনুষ্ঠানৰ আয়োজন

কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনৰ সাহিত্য একাডেমীৰ উদ্যোগত আৰু গুৱাহাটী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ লগতে আন্তঃমান নিৰূপণ গোটৰ সহযোগত আজি গুৱাহাটী মহাবিদ্যালয়ত অস্মিতা আৰু যুৱ সাহিত্য শীর্ষক দুটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সাধাৰণ সম্পাদক জিন্টু শৰ্মাই অনুষ্ঠানৰ আঁত...

August 7, 2026 7:38 PM

views 14

হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীর্ষক বিশেষ কার্যসূচী

ৰাজ্যৰ দুর্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে দেশৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠানসমূহৰ সম মানৰ পৰামৰ্শ, প্রশিক্ষণ আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীর্ষক এটা বিশেষ কার্যসূচী হাতত লোৱা হৈছে। এই কার্যসূচীত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষার্থী, ট্রিজোছ ফা...

August 7, 2026 7:33 PM

views 19

দৰমহা প্রদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্রয়োজন নাই : ডাঃ ৰণোজ পেগু

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি এখন সংবাদমেলত দৰমহা প্রদান ব্যৱস্থা সন্দৰ্ভত শিক্ষকসকল শংকিত হোৱাৰ প্রয়োজন নাই বুলি মন্তব্য কৰে। সমগ্র শিক্ষা, অসমৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, যে অসম চৰকাৰৰ কৰ্মচাৰী হিচাপে সকলো বিত্তীয় বিধি ব্যৱস্থা পালন কৰি বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।