ৰাজ্যৰ দুর্গম অঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে দেশৰ আগশাৰীৰ শিক্ষা প্রতিষ্ঠানসমূহৰ সম মানৰ পৰামৰ্শ, প্রশিক্ষণ আৰু সুযোগ সুবিধা সুনিশ্চিত কৰাৰ লক্ষ্যৰে হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীর্ষক এটা বিশেষ কার্যসূচী হাতত লোৱা হৈছে। এই কার্যসূচীত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষার্থী, ট্রিজোছ ফাউণ্ডেছন, টাইম আৰু আই আই টি গুৱাহাটীয়ে একেলগে কাম কৰিব। কাৰ্যসূচীৰ প্ৰথম পর্যায়ত হাইলাকান্দি, লালা, কাটলিচৰা আৰু কাটাখাল অঞ্চলৰ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষার্থী আৰু বিশেষজ্ঞসকলে কেৰিয়াৰ কাউন্সেলিং আগবঢ়াব। উচ্চ শিক্ষা, ব্যবস্থাপনা, প্রযুক্তি ডিজাইন, উদ্যোগ বিকাশ আৰু বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত শিক্ষার্থীসকলক দিহা পৰামৰ্শ দিয়া হ’ব। কাৰ্যসূচীৰ দ্বিতীয় পর্যায়ত আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ সহযোগত অহা ৫ আৰু ৬ অক্টোবৰত এটা বিশেষ উদ্যোগ বিকাশ কার্যসূচী অনুষ্ঠিত হ’ব। ইয়াত অসমৰ উদীয়মান ছেমি কনডাক্টৰ আৰু আধুনিক উৎপাদন উদ্যোগক কেন্দ্র কৰি নতুন ব্যৱসায় আৰু ষ্টার্ট আপ গঢ়ি তোলাৰ সম্ভাৱনাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। প্ৰশিক্ষণৰ সকলো ব্যয় আই আই টি গুৱাহাটীয়ে বহন কৰাৰ লগতে অংশগ্রহণকাৰীসকলে আই আই টি গুৱাহাটীৰ স্বীকৃতিপ্রাপ্ত প্রমাণ পত্র লাভ কৰিব।
Assamese | August 7, 2026 7:38 PM | UDAN Programme
হাইলাকান্দিৰ বিধায়ক ডাঃ মিলন দাসৰ উদ্যোগত উড়ান শীর্ষক বিশেষ কার্যসূচী