August 8, 2026 1:07 PM | Assam Flood Survey

printer

বানত সর্বাধিক ক্ষতিগ্রস্ত ৪ জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ

শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ’ব। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে সবিশেষ প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰাৰ বাবে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্র বিষয়াসকলক প্রয়োজনীয় প্রশিক্ষণ প্রদান কৰা হৈছে। জৰীপত অংশ লোৱা তৃণমূল পর্যায়ৰ বিষয়া কৰ্মচাৰীসকলক আজিৰেপৰা জিলা পৰ্যায়ত প্রশিক্ষণ দিয়া হৈছে। ম’বাইল এপ্লিকেছনৰ জৰিয়তে ক্ষয়-ক্ষতিৰ দ্রুত সমীক্ষা তথা দুৰ্যোগৰ মূল্যায়ন কৰা হ’ব। ক্ষয়-ক্ষতিৰ প্ৰতিটো তথ্য, ছবি আৰু সবিশেষ নির্দিষ্ট ডিজিটেল এপৰ জৰিয়তে নথিভুক্ত কৰা হ’ব। ৩০ আগষ্টৰ ভিতৰত প্ৰাৰম্ভিক জৰীপ সম্পূৰ্ণ কৰাৰ পাছত ক্ষয়-ক্ষতিৰ পৰিমাণ নির্ধাৰণ কৰা হ’ব আৰু ক্ষতিগ্রস্ত জনসাধাৰণৰ সৈতে পুনৰীক্ষণ কৰি তথ্যসমূহৰ সত্যতা নিশ্চিত কৰা হ’ব। ১০ ছেপ্তেম্বৰৰ ভিতৰত বানৰ ফলত হোৱা সামগ্রিক ক্ষয়-ক্ষতি আৰু ইয়াৰ পুনৰুদ্ধাৰৰ বাবে প্ৰয়োজনীয় পুঁজিৰ স্পষ্ট ধাৰণা লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰিছে। এই অনুসৰি চৰকাৰী নীতি-নিয়মৰ অধীনত বান প্রভাবিত লোকসকলক যাবতীয় সকলো সাহায্য আগবঢ়োৱাৰ বাবে চেষ্টা কৰা হ’ব বুলি ড° শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কোনো ব্যক্তি বা পৰিয়াল যাতে জৰীপৰ পৰা বাদ নপৰে আৰু প্ৰাপ্য সাহায্যৰ পৰা বঞ্চিত নহয়, তাৰবাবেও চৰকাৰে সম্পূৰ্ণ নিখুঁতভাবে জৰীপ প্রক্রিয়া সম্পূৰ্ণ কৰাত গুৰুত্ব দিব বুলি মন্তব্য কৰে।

ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ১৩ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৬৪ খন গাঁৱৰ ১ লাখ ৫৫ হাজাৰ লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৭৪৮ দশমিক ৬-৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্রতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ হৈছেগৈ।

বর্তমান ৫৫ টা সাহায্য শিবিৰত ১০ হাজাৰতকৈও অধিক লোকে আশ্রয় লৈ আছে। তদুপৰি ১৮ টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্রস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে।

ইপিনে, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলণ্ডৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। গোলাঘাট জলসম্পদ বিভাগে জনোৱা মতে জিলাখনৰ ধনশিৰি, গেলাবিল আৰু দৈয়াং নৈৰ পানীৰ স্তৰ বিপদসীমাৰ ওপৰত আছে। প্রশাসনে নৈকাষৰীয়া অঞ্চলৰ লোকসকলক সতর্ক হৈ থাকিবলৈ আহ্বান জনাইছে।

ৰাজ্য চৰকাৰৰ ৰাজহ, দুর্যোগ ব্যবস্থাপনা আদি বিভাগৰ মন্ত্রী কেশৱ মহন্তই আজি নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তর্গত বান প্রভাবিত ভালেমান অঞ্চল পৰিদৰ্শন কৰে। জিলাখনৰ ডিজু, কলং আদি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পোৱাত চামগুৰি ৰাজহচক্ৰৰ ২৩ খন গাঁও জলমগ্ন হৈ পৰে। মন্ত্ৰীগৰাকীয়ে গতঙা, চাকিটুপ, খলিহামাৰী আৰু মিছা গাঁও পৰিদৰ্শন কৰি সামগ্রিক বান পৰিস্থিতিৰ বুজ লয়। এই পৰিদৰ্শন কালত মন্ত্রী মহন্তৰ সৈতে বিভিন্ন ৰাজহচক্ৰৰ চক্ৰ বিষয়া, সংশ্লিষ্ট এল আৰ এছ আৰু গাঁওপ্রধানসকল উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ছোৱাত মন্ত্রী মহন্তই বান ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময়ত মিলিত হোৱাৰ লগতে বানাক্ৰান্ত লোকসকলৰ মাজত চলি থকা সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ পৰ্যালোচা কৰে। তেওঁ ক্ষতিগ্রস্ত প্রতিটো পৰিয়ালকে সাহায্য বিতৰণো কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।