August 8, 2026 1:07 PM
11
বানত সর্বাধিক ক্ষতিগ্রস্ত ৪ জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ
শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত কাইলৈৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হ'ব। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব। সামাজিক মাধ্যমৰ এটা বার্তাত এই বিষয়ে সবিশেষ প্রকাশ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে এই জৰীপ প্ৰক্ৰিয়াক অধিক সু-সংগঠিত আৰু নিখুঁট কৰাৰ বাবে ইতিমধ্যে চাৰিওখন জিলাৰ আয়ুক্ত, সমজিলা আয়ুক্তৰ লগতে চক্র বিষয়াসকলক প্রয়োজনীয় প্রশিক্ষণ প্রদান কৰা হৈছে। জৰীপত অংশ লোৱা তৃণমূল পর্যায়ৰ বিষয়া কৰ্মচাৰীসকলক আজিৰেপৰা জিলা পৰ্যায়ত প্রশিক্ষণ দিয়া হৈ...