ডিব্ৰুগড়ৰ ধান ক্রয় কেন্দ্র, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত সমবায় সমিতি পৰিদৰ্শন মন্ত্ৰী কৌশিক ৰায়ৰ

ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা, সমবায় তথা অন্যান্য দপ্তৰৰ মন্ত্ৰী কৌশিক ৰায়ে আজি পুৱা ডিব্ৰুগড় জিলাৰ ধান ক্রয় কেন্দ্র, সুলভ মূল্যৰ দোকান, গাঁও পঞ্চায়ত সমবায় সমিতি পৰিদৰ্শন কৰে। খন্তেক পাছতে মন্ত্রী বায়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ডিব্ৰুগড় পৌৰ নিগম এলেকাত নির্মিয়মান তথা নির্মাণ সম্পূর্ণ হোৱা বিভিন্ন প্রকল্প পৰিদৰ্শন কৰিব। দুপৰীয়াৰ ভাগত মন্ত্ৰী শ্ৰী ৰায়ে ডিব্ৰুগড় জিলা বিজেপি কার্যালয় পৰিদৰ্শন কৰাৰ লগতে বিয়লিলৈ গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ, গ্রাহক পৰিক্ৰমা বিভাগ আৰু সমবায় বিভাগৰ এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। ডিব্ৰুগড় জিলা আয়ুক্ত কার্যালয়ত এই বৈঠক অনুষ্ঠিত হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।