সুকণ্ঠি গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ওপজা দিন। শৈশৱতে জ্যোতিপ্রসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰা সুদক্ষিণা শৰ্মাই ওপজা ঘৰখনতো সংগীতৰ বিশেষ পৰিৱেশ লাভ কৰিছিল। তেওঁ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ভগ্নী হোৱা হেতুকে সৰুৰে পৰাই ঘৰতেই সংগীতৰ চৰ্চা কৰিছিল। মাথো ১০ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্বাৱধানত কমল নাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত নাহৰ ফুলে নুশুৱায়, বিশ্বৰে ছন্দে ছন্দে আদি বিষ্ণু প্ৰসাদ ৰাভাৰ অমৰ সৃষ্টিত কণ্ঠ নিগৰাইছিল। ১৯৪৭ চনত মহাত্মা গান্ধী অসমলৈ আহোতে এ জয় ৰঘু নন্দন গীত পৰিৱেশন কৰি সকলোৰে পৰা মৰম বুটলিছিল। পাছলৈ গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী দিলীপ শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ জ্যোতিপ্রসাদ আগৰৱালাই ভালেমান গীতৰ স্বৰলিপি প্ৰস্তুত কৰি উলিয়াইছিল। সংগীত ক্ষেত্রলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ২০০২ চনত এইগৰাকী শিল্পীয়ে স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। তেওঁ ভূপেন হাজৰিকাৰ সৈতে ভালেমান গীতত কণ্ঠ নিগৰোৱাৰ লগতে মণিৰাম দেৱান বোলছবিত নেপথ্য কণ্ঠ শিল্পী হিচাপে গীত গাইছিল। ২০২৩ চনত এইগৰাকী শিল্পীৰ মৃত্যু হয়।
Assamese | August 8, 2026 1:29 PM | Sudakshina Sarma Birth Day
সুকণ্ঠি গায়িকা সুদক্ষিণা শৰ্মাৰ আজি ওপজা দিন