আঞ্চলিক সংবাদ

January 22, 2026 11:54 AM

views 56

অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ’ছত এই সন্মিলনত...

January 22, 2026 11:42 AM

views 51

জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ

অসম-নগালেণ্ড সীমাৰ বান্দৰছলিয়াৰ স্বৰ্ণপুৰ আৰু আগহাটিটুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰ পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। অসমীয়া আৰু নগা লোকৰ সাতামপুৰুষীয়া সম্প্রীতি-সম্পর্ক দৃঢ় কৰাৰ উদ্দেশ্যে পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চল খিলঞ...

January 22, 2026 11:40 AM

views 55

অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমৰ প্ৰথমবাৰৰ বাবে অংশগ্রহণ

ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অসমে প্ৰথমবাৰৰ বাবে অংশগ্রহণ কৰাৰ পাছত ৰাজ্যখনত বিশ্বৰ ভালেকেইটা কোম্পানীয়ে বিনিয়োগৰ বাবে ইচ্ছা প্রকাশ কৰিছে। অসমত বিশ্বৰ বিভিন্ন কোম্পানীয়ে প্রায় এক লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ দিছে। ভাৰতৰ প্ৰতিনিধি মণ্ডলীৰ সৈতে ডাভ’ছত এই সন্মিলনত...

January 21, 2026 7:56 PM

views 38

বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ; ব্যৱসায়িক গোটৰ প্ৰতিনিধিৰ সৈতে বৈঠক

ছুইজাৰলেণ্ডৰ ডাভ'ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত দেশৰ অন্যতম প্ৰতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰাহ গোটৰ মুখ্য পৰিচালন বিষয়া ইকাৰাজ জানজেনৰ সৈতে বিশেষ বৈঠকত মিলিত হয়। বৈঠকত কার্বন ডাই অক্সাইড নিষ্কাষণৰ সৈতে কাম কৰি থকা সংস্থাটোৰ বিশেষ পদ্ধতি অসমৰ কৃষক সমা...

January 21, 2026 7:55 PM

views 47

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণত

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিছে। জিলাখনত যোৱা ২৪ ঘণ্টাত নতুনকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি অহা নাই। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ ...

January 21, 2026 7:53 PM

views 51

ৰাজ্যৰ তিনিখন জিলাত নতুন তিনিটা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় মুকলিত অনুমোদন

অসম চৰকাৰে ৰাজ্যখনৰ তিনিখন জিলাত নতুন তিনিটা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় মুকলিত অনুমোদন জনাইছে। ৰাজ্যপালে জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি তামুলপুৰ, বজালী আৰু পশ্চিম কাৰ্বি আংলং জিলাত এই নতুন পৰিবহণ বিষয়াৰ কাৰ্যালয়কেইটাৰ কাম-কাজ আৰম্ভ হ'ব। সেই অনুসৰি তামুলপুৰ জিলাত পঞ্জীয়ন হ'বলগীয়া যান-বাহনৰ বাবে...

January 21, 2026 7:51 PM

views 33

গোৱালপাৰা জিলাত তিনিখন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোৱালপাৰা জিলাত তিনিখন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ত এক কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া জনজাতি ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে নতুনকৈ স্বায়ত্তশাসিত মর্যাদা...

January 21, 2026 7:50 PM

views 32

গৱেষক শিক্ষাৰ্থীৰ সহায়ক হোৱাকৈ অহা ১১ ফেব্ৰুৱাৰীৰ পৰা জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য বিতৰণ

গৱেষক শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গৱেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগো...

January 21, 2026 7:48 PM

views 39

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত কাইলৈৰ পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। মেলা সমিতিয়ে ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুতি চলাইছে। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পো...

January 21, 2026 7:36 PM

views 36

অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১ টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ

অসমত আনুমানিক ৪ লাখ ৮৬ হাজাৰ ৬৯৮ কোটি টকা বিনিয়োগেৰে ১১১ টা আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণ হৈ আছে। সক্ৰিয় প্ৰশাসন আৰু সময় নির্ধাৰিত ৰূপায়ণ অর্থাৎ প্ৰগতি শীৰ্ষক কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচীৰ অধীনৰ পি এম জি পোৰ্টেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰে'লৱে, পথ আৰু ঘাইপথ, শক্তি উৎপাদন আৰু বিতৰণ, তেল আৰু গেছ...