ছুইজাৰলেণ্ডৰ ডাভ’ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত দেশৰ অন্যতম প্ৰতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বৰাহ গোটৰ মুখ্য পৰিচালন বিষয়া ইকাৰাজ জানজেনৰ সৈতে বিশেষ বৈঠকত মিলিত হয়। বৈঠকত কার্বন ডাই অক্সাইড নিষ্কাষণৰ সৈতে কাম কৰি থকা সংস্থাটোৰ বিশেষ পদ্ধতি অসমৰ কৃষক সমাজক উপকৃত কৰিব পৰাকৈ প্ৰয়োগ কৰাৰ বিষয় লৈ আলোচনা কৰা হয়। গোটটোৱে বায়’চাৰ, পুনৰ উৎপাদনশীল কৃষি আৰু বনানীকৰণৰ জৰিয়তে এশ কোটি টন কার্বন ডাই অক্সাইড নিষ্কাশনৰ লক্ষ্যৰে কাম কৰি আছে। ৰাজ্য চৰকাৰে গোটটোক অসমত অন্বেষণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ কথা চিন্তা চৰ্চা কৰি থকা বুলি ড০ শৰ্মাই প্ৰকাশ কৰিছে।
Assamese | January 21, 2026 7:56 PM | cm davos
বিশ্ব অর্থনৈতিক মঞ্চৰ অধিৱেশনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ; ব্যৱসায়িক গোটৰ প্ৰতিনিধিৰ সৈতে বৈঠক