শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোৱালপাৰা জিলাত তিনিখন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ আমজোঙাৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদর্শ মহাবিদ্যালয়ত এক কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া জনজাতি ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ পাছতে নতুনকৈ স্বায়ত্তশাসিত মর্যাদা লাভ কৰা দুধনৈ মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি মহাবিদ্যালয়খনতো এটা জনজাতি ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে। ডা০ পেগুৱে ১৯২৫ চনতে স্থাপিত জিলাখনৰ নিচানগ্রাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Assamese | January 21, 2026 7:51 PM | ranoj pegu goalpara
গোৱালপাৰা জিলাত তিনিখন শিক্ষানুষ্ঠানৰ কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অংশগ্ৰহণ