গৱেষক শিক্ষাৰ্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গৱেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত গৱেষক শিক্ষাৰ্থীসকললৈ ২৫ হাজাৰ টকাকৈ আৰু দিব্যাংগ গৱেষক ছাত্ৰ-ছাত্ৰীসকলক ৪০ হাজাৰ টকাকৈ প্ৰদান কৰা হ’ব।
Assamese | January 21, 2026 7:50 PM | cm jivan anuprerona
গৱেষক শিক্ষাৰ্থীৰ সহায়ক হোৱাকৈ অহা ১১ ফেব্ৰুৱাৰীৰ পৰা জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য বিতৰণ