অসম-নগালেণ্ড সীমাৰ বান্দৰছলিয়াৰ স্বৰ্ণপুৰ আৰু আগহাটিটুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰ পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ’ব। অসমীয়া আৰু নগা লোকৰ সাতামপুৰুষীয়া সম্প্রীতি-সম্পর্ক দৃঢ় কৰাৰ উদ্দেশ্যে পাদদেশীয় সমন্বয় মঞ্চৰ উদ্যোগত আৰু উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া গণমঞ্চৰ সহযোগত আয়োজিত এই ৰাষ্ট্ৰীয় নাট মহোৎসৱত অসমৰ লগতে নগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ কেইবাটাও নাট্যদলে অংশগ্রহণ কৰিব। মুকলি মঞ্চত দিনৰ ভাগতে নাটক মঞ্চস্থ হ’বলগা এই মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অসমৰ লগতে নগালেণ্ডৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু সাংস্কৃতিক কর্মীয়ে অংশগ্রহণ কৰিব।
Assamese | January 22, 2026 11:42 AM | Akashvani | Akashvani Guwahati | Akashvani News | Local news
জুবিন গাৰ্গ সমন্বয় ক্ষেত্ৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱ