আঞ্চলিক সংবাদ

January 22, 2026 12:27 PM

views 63

দুলীয়াজান ৰে’ল ষ্টেচনৰ সমীপত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি

দুলীয়াজান ৰে'ল ষ্টেচনৰ সমীপত কালি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে আজি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে ডিব্ৰুগড়ৰ পৰা দুলীয়াজান অভিমুখে গৈ থকা এখন টেংকাৰে বিপৰীত দিশৰ পৰা অহা এখন মটৰ চাইকেলক খুন্দা মৰাৰ ফলত মটৰ চাইকেল আৰোহীজনৰ থিতাতে মৃত্যু হয়। ঘটনা...

January 22, 2026 12:20 PM

views 97

কাইলৈ সৰস্বতী পূজা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হ'ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃণ্ময় মূৰ্তিক প্রাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে।...

January 22, 2026 12:17 PM

views 66

চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে ৩গৰাকী আৰক্ষী জোৱানক নিলম্বন

বিশ্বনাথ জিলাৰ চতিয়া থানাত আৰক্ষী জিম্মাৰ পৰা আচামীৰ পলায়নৰ পাছতে তিনিগৰাকী আৰক্ষী জোৱানক নিলম্বন কৰা হৈছে। নিলম্বিত জোৱানকেইজন কনিষ্টবল প্রিয়ংকা বাৰুতি, এল চি বিমান দাস আৰু চন্তৰীৰ দায়িত্বত থকা জন কোৰাদাক বুলি প্ৰকাশ কৰা হৈছে। বিশ্বনাথ আৰক্ষী অধীক্ষকে এটা নির্দেশযোগে এই জোৱানকেইজনক নিলম্বন কৰিছ...

January 22, 2026 12:14 PM

views 59

অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব

বিধানসভা নিৰ্বাচনৰ বাবে অসমত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পৰীক্ষণ প্ৰক্ৰিয়াৰ আজি অন্ত পৰিব। ভোটাৰসকলক তেওঁলোকৰ কিবা ওজৰ-আপত্তি থাকিলে আজিৰ ভিতৰত এইসমূহ দাখিল কৰিবলৈ ৰাজ্যিক নির্বাচন আয়োগে ইতিমধ্যে অধিসূচনাৰ জৰিয়তে আহ্বান জনাইছে। অভিযোগ নিষ্পত্তিৰ পাছতে অহা ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রক...

January 22, 2026 12:07 PM

views 42

গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ই পৰিদৰ্শন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ

কেন্দ্ৰীয় দক্ষতা আৰু উদ্যমিতা দপ্তৰৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কালি গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্রতিষ্ঠান আই আই ই পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে আই আই ই চৌহদত নতুনকৈ স্থাপন কৰা দক্ষতা ভাৰত আন্তর্জাতিক কেন্দ্ৰও প্ৰত্যক্ষ কৰাৰ লগতে আন্তঃগাঁথনি আৰু আন্তৰ্জাতিক দক্ষতা মানৰ প্ৰসাৰ আৰু বি...

January 22, 2026 11:58 AM

views 48

কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে

কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে। সেনা বাহিনীৰ কটকটীয়া বেষ্টনীৰ মাজত কাৰিগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ চলাচল অব্যাহত আছে। কালি আশ্রয়শিবিৰসমূহ পৰিদৰ্শন কৰি অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ মহাপৰিদৰ্শক অখিলেশ সিঙে শিবিৰত থকা লোকসকলক কোনো সংশয় অবিহনে নিজ বা...

January 22, 2026 11:50 AM

views 63

আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক জোনবিল মেলা

জাগীৰোডৰ জোনবিলৰ পাৰত আজিৰে পৰা ২৪ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা অনুষ্ঠিত হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ভূমি জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ ...

January 22, 2026 11:47 AM

views 77

শিৱসাগৰত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন

শিৱসাগৰ জিলাত বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু আটাছু জিলা সমিতিৰ সহযোগত অহা ৩০ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ আন্তঃৰাষ্ট্ৰীয় মে-ডাম-মে-ফিৰ আয়োজন কৰা হৈছে। উদযাপন সমিতিয়ে আজি এই সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰি কয়, যে প্ৰতিবছৰে মে-ডাম-মে-ফিৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্...

January 22, 2026 12:04 PM

views 50

পানীখাইটিত চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ’ব

কামৰূপ মহানগৰ জিলাৰ পানীখাইটিত আজি অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষীৰ কেন্দ্ৰীয় প্রশিক্ষণ প্ৰতিষ্ঠান চমুকৈ চি টি আই চৌহদৰ আন্তঃগাঁথনি উন্নীতকৰণৰ ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰা হ'ব। অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। অনুষ্ঠানত গুৱাহাটী লো...

January 22, 2026 12:01 PM

views 66

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৫জন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি শুনানি

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা পাঁচজন অভিযুক্তৰ জামিন আবেদন সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত শুনানি গ্ৰহণ কৰা হ'ব। জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰা পাঁচজনীয়া বিশেষ লোক অধিবক্তাৰ দলে আজি এই অভিযুক্তসকলৰ জামিনৰ বিৰোধিতাৰে আদা...