ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাইলৈ বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হ’ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাজ্য বিভিন্ন প্ৰান্ততো এই পূজাৰ আয়োজন কৰা হৈছে। মৃণ্ময় মূৰ্তিক প্রাণৱন্ত কৰাৰ বাবে প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰে বজাৰ ভৰি পৰা পৰিলক্ষিত হৈছে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজাৰ বাবে আজিৰে পৰাই উলহ-মালহ পৰিবেশে বিৰাজ কৰিছে।
Assamese | January 22, 2026 12:20 PM | Akashvani | Akashvani Guwahati | Saraswati Puja
কাইলৈ সৰস্বতী পূজা