আন্তৰ্জাতিক সংবাদ

May 11, 2024 2:48 PM

views 76

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষত ভোটদানেৰে পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদাত সমৰ্থন ভাৰতৰ

■ ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাবৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূর্ণ সদস্যৰ মৰ্যদা প্ৰদানৰ সমৰ্থন আগবঢ়াইছে। ১৯৩ খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত এখন জৰুৰী বিশেষ অধিৱেশনৰ বৈঠকত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই এই প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱৰ সপক্ষে ১৪৩...

May 9, 2024 12:38 PM

views 81

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা বাংলাদেশ ভ্রমণসূচীৰে কালি ঢাকাত উপস্থিত

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা কালি চমু বাংলাদেশ ভ্রমণসূচীৰে ঢাকাত উপস্থিত হয়। শ্ৰীকোৱাট্রাই আজি বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্রী হাছান মাহমুদক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে শ্ৰীকোৱাট্টাৰ এই ভ্রমণ সন্দৰ্ভত সবিশেষ প্ৰকা...

May 8, 2024 8:02 PM

views 79

আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন

থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰাৰ উদ্দেশ্যে আজি সমগ্ৰ বিশ্বতে থেলাছেমিয়া দিৱস উদযাপন কৰা হৈছে। প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। জিনীয় বিসঙ্গতিৰ বাবে তেজৰ ...

May 6, 2024 6:35 PM

views 97

পুনৰ মহাকাশলৈ উৰা মাৰিব ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ

ভাৰতীয়-আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছে কাইলৈ বয়িঙৰ প্ৰথমটো ক্রুড অভিযানৰ জৰিয়তে পুনৰ মহাকাশলৈ উৰা মাৰিব। বয়িঙৰ ষ্টাৰলাইনাৰ মহাকাশযানখনৰ প্রথম মানৱ মহাকাশ যাত্ৰাৰ এই পদক্ষেপ উইলিয়ামছৰ বাবে বহু প্রত্যাশিত প্রত্যাৱর্তন হ'ব। নাছাৰ সহযোগী মহাকাশচাৰী বেৰী উইলম'ৰৰ সৈতে উইলিয়ামছে এই মহাকাশ অভিযানত যোগ ...

May 5, 2024 12:46 PM

views 91

বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰা বুলি আমেৰিকা ৰাষ্ট্ৰপতিৰ দাবীক বিদেশ মন্ত্রী ড° এছ জয়শংকৰৰ নস্যাৎ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে বিদেশী লোকৰ প্ৰতি অহেতুক ভিতিয়ে ভাৰতীয় অৰ্থব্যৱস্থাত বাধা সৃষ্টি কৰিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন কৰা দাবী খণ্ডন কৰিছে। এটা সংবাদ গোষ্ঠীয়ে আয়োজন কৰা এখন ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি ড° জয়শংকৰ কয় যে, ভাৰতীয় সমাজে সদায় মুকলি চিন্তা ধাৰাৰ পৰিচয...

May 3, 2024 5:43 PM

views 82

ব্রাজিলত শেহতীয়াকৈ হোৱা বানত ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত

ব্রাজিলত শেহতীয়াকৈ উদ্ভৱ হোৱা বান পৰিস্থিতিৰ ফলত এটা বান্ধ ভাগি পৰাত কমেও ৩০ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন বহুসংখ্যক লোক আহত হৈছে। দেশখনত বিগত কেইবাদিনো ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ কবলত পৰি প্ৰায় ১৫ হাজাৰ লোকে ঘৰ এৰি আন ঠাইত আশ্রয় লোৱাৰ লগতে বহুসংখ্যক লোক বিদ্যুৎ আৰু খোৱাপা...

May 3, 2024 12:35 PM

views 55

চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮ লৈ বৃদ্ধি

◊ চীনৰ গুৱাংডং প্রদেশত এক্সপ্ৰেছৱে’ খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি ঘটনাত আহত আৰু ত্রিশগৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে। গুৱাংডং প্রদেশৰ এটা পাহাৰীয়া অঞ্চলত বিগত ...

May 1, 2024 8:10 PM

views 79

দক্ষিণ চীনৰ গোৱাংডং প্রদেশত ধাৰাষাৰ বৰষুণৰ বাবে ঘাইপথৰ খহি পৰাৰ ফলত ২৪ জন লোকৰ প্ৰাণহানি

দক্ষিণ চীনৰ গোৱাংডং প্রদেশত যোৱা নিশা ধাৰাষাৰ বৰষুণৰ বাবে ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত কমেও ২৪ জন লোকে প্ৰাণ হেৰুৱায়। দেশখনৰ চৰকাৰী বাতৰি যোগান প্ৰতিষ্ঠানে প্ৰকাশ কৰা মতে, যোৱা নিশা প্ৰায় ২-১০ মিনিটত গোৱাংডং প্রদেশৰ মেইঝৌ চহৰ আৰু ডাবু অঞ্চলৰ মাজৰ ঘাইপথৰ এটা অংশ খহি পৰাৰ ফলত এই অঘটনটো ঘটে।

May 1, 2024 1:24 PM

views 81

জলবায়ু পৰিৱৰ্তনৰ মাজত কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু শ্ৰমিকৰ স্বাস্থ্য সুনিশ্চিত কৰাৰ মন্ত্ৰৰে সমগ্ৰ বিশ্বতে মে’ দিৱস পালন

বিশ্বৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজিৰ দিনটো মে' দিৱস পালন কৰা হৈছে। ১৮৮৬ চনৰ আজিৰ দিনটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত অনুষ্ঠিত শান্তিপূর্ণ শ্রমিক সমাবেশত ৰাষ্ট্রশক্তিয়ে নিৰ্বিচাৰে গুলীচালনা কৰাৰ ফলত বহুসংখ্যক শ্রমিক হতাহত হোৱা ঘটনাৰ স্মৃতিচাৰণৰ উদ্দেশ্যে বিশ্বজুৰি আজিৰ দিনটো আন্তর্জাতিক শ্র...

April 30, 2024 6:24 PM

views 92

খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱন্ত সিং পন্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচা বুলি ওলোৱা বাতৰি ভাৰতৰ অস্বীকাৰ

ভাৰতে The Washington Post নামৰ বাতৰি কাকতখনত খালিস্তানী সন্ত্ৰাসবাদী গুৰপটৱন্ত সিং পন্নুক হত্যাৰ ষড়যন্ত্ৰ ৰচা বুলি ওলোৱা বাতৰি অস্বীকাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাকতখনত ওলোৱা বাতৰি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছোৱালে ইয়াক গুৰুতৰ বিষয় সন্দৰ্ভত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।