পাপুৱা নিউগিনিৰ এটা ভিতৰুৱা অঞ্চলত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। অস্ট্রেলিয়ান ব্রডকাষ্টিং কৰ্পোৰেশ্যনে প্ৰকাশ কৰা মতে ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনৰ এংগা প্ৰদেশৰ কাউকালাম গাঁওখন বিধবস্ত হৈ পৰিছে। অৱশ্যে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত অঞ্চলটোত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হ’ব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াৰ উত্তৰ দিশত অৱস্থিত পাপুৱা নিউগিনিয়া হৈছে ৮০০টা বিভিন্ন ভাষা-ভাষী লোকে বসবাস কৰা এখন উন্নয়নশীল ৰাষ্ট্ৰ। প্ৰায় ১ কোটি লোকে বসবাস কৰা পাপুৱা নিউগিনিয়া হৈছে অষ্ট্ৰেলিয়াৰ পাছতেই সৰ্বাধিক জনসংখ্যাৰ দক্ষিণ প্রশান্ত মহাসাগৰীয় ৰাষ্ট্ৰ।
Assamese | May 24, 2024 2:46 PM | Papua New GuineaLandslide
পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু