May 26, 2024 8:33 PM

views 72

পাপুৱা নিউগিনিৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিত পোত যোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ বিষয়া

পাপুৱা নিউগিনিত হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিৰ তলত পোত যোৱা বুলি ৰাষ্ট্ৰসংঘৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা শুকুৰবাবে স্থানীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ মান বজাত ৰাজধানী চহৰ পোৰ্ট মৰেছবিৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমৰ এংগা প্ৰদেশৰ কাউকলমৰ এখন ভিতৰুৱা গাঁৱত এই দুর্যোগ সংঘটিত হোৱাৰ সময়ত অঞ্চলটোৰ লোকসকল নিদ্ৰাৰত অৱস্থাত আছিল। পাপুৱা নিউগিনিত প্ৰব্ৰজনৰ বাবে থকা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববী শ্বেহৰান এক্টোপ্ৰাকে কৈছে যে, এই ভূমিস্খলনত হোৱা ক্ষয়-ক্ষতিৰ ...

May 24, 2024 2:46 PM

views 70

পাপুৱা নিউগিনিত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু

পাপুৱা নিউগিনিৰ এটা ভিতৰুৱা অঞ্চলত ভূমিস্খলনৰ ফলত কমেও ১০০জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। অস্ট্রেলিয়ান ব্রডকাষ্টিং কৰ্পোৰেশ্যনে প্ৰকাশ কৰা মতে ভূমিস্খলনৰ ফলত দ্বীপ ৰাষ্ট্ৰখনৰ এংগা প্ৰদেশৰ কাউকালাম গাঁওখন বিধবস্ত হৈ পৰিছে। অৱশ্যে দেশখনৰ বিভাগীয় কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত অঞ্চলটোত মৃত্যু হোৱা লোকৰ সংখ্যা অধিক হ'ব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে। অষ্ট্ৰেলিয়াৰ উত্তৰ দিশত অৱস্থিত পাপুৱা নিউগিনিয়া হৈছে ৮০০টা বিভিন্ন ভাষা-ভাষী লোকে বসবাস কৰা এখন উন্নয়নশীল ৰাষ্ট্ৰ। প্ৰায় ১ কোটি লোকে বসবাস কৰা প...