পাপুৱা নিউগিনিত হোৱা ভয়ংকৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিৰ তলত পোত যোৱা বুলি ৰাষ্ট্ৰসংঘৰ বিষয়াই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, যোৱা শুকুৰবাবে স্থানীয় সময় অনুসৰি পুৱতি নিশা প্ৰায় ৩ মান বজাত ৰাজধানী চহৰ পোৰ্ট মৰেছবিৰ পৰা প্ৰায় ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমৰ এংগা প্ৰদেশৰ কাউকলমৰ এখন ভিতৰুৱা গাঁৱত এই দুর্যোগ সংঘটিত হোৱাৰ সময়ত অঞ্চলটোৰ লোকসকল নিদ্ৰাৰত অৱস্থাত আছিল। পাপুৱা নিউগিনিত প্ৰব্ৰজনৰ বাবে থকা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ মুৰববী শ্বেহৰান এক্টোপ্ৰাকে কৈছে যে, এই ভূমিস্খলনত হোৱা ক্ষয়-ক্ষতিৰ প্ৰভাৱ প্ৰাথমিক অৱস্থাত ধাৰণা কৰাতকৈ বহু অধিক। এই ঘটনাত ডেৰশৰো অধিক গৃহ মাটিৰ তলত পোত যোৱা বুলি আশংকা কৰা হৈছে।
Assamese | May 26, 2024 8:33 PM | Papua New GuineaLandslide
পাপুৱা নিউগিনিৰ ভূমিস্খলনত প্ৰায় ৬৭০ গৰাকী লোক মাটিত পোত যোৱাৰ আশংকা ৰাষ্ট্ৰসংঘৰ বিষয়া