ইজৰাইল সুৰক্ষা বাহিনীয়ে গাজাত গাজা-ইজিপ্ত সীমান্তৰ সম্পূৰ্ণ পথছোৱাৰ পৰিচালনা নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই পথছোৱাত ফিলা ডেলফি এলেকা হিচাপে জনা যায়। ইজৰাইল সুৰক্ষা বাহিনীৰ মুখপাত্ৰ ৰিয়েৰ এডমিৰেল ডেনিয়েল হাগেৰীয়ে জনোৱা অনুসৰি নতুনকৈ অধিকৃত পথছোৱা গাজা-ইজিপ্ত সীমান্তৰ ১৪ কিলোমিটাৰ এলেকা জুৰি আছে। অস্ত্ৰ-শস্ত্ৰৰ চোৰাং কাৰবাৰৰ বাবে এই পথছোৱা হামাচৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল । সীমান্তত ভালেমান ৰকেট লাঞ্চাৰো পোৱা গৈছে। এডমিলে হাগেৰীয়ে জনোৱা অনুসৰি সুৰক্ষা বাহিনীয়ে সেই অঞ্চলত থকা ২০ টা সুৰংগৰ বিষয়েও অৱগত হৈছে। এই সুৰংগসমূহ সীমান্তৰ সিপাৰে চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি আশংকা কৰা হৈছে ।
Assamese | May 30, 2024 6:56 PM | Israel-Gaza
গাজা-ইজিপ্ত সীমান্তত ভালেমান ৰকেট লঞ্চাৰ আৰু ২০ টা সুৰংগৰ বিষয়ে অৱগত ইজৰাইল সুৰক্ষা বাহিনী