June 1, 2024 12:55 PM | ANC | South Africa

printer

দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে

দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাটো প্ৰায় নিশ্চিত হৈছে। কালি প্ৰকাশ পোৱা নিৰ্বাচনৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি শাসনাধিষ্ঠিত আফ্রিকান নেচনেল কংগ্ৰেছ ANC দল সংখ্যাগৰিষ্ঠতা লাভত ব্যৰ্থ হৈছে। দেশখনৰ ৯ খন প্ৰদেশত হোৱা ৯০ শতাংশৰো অধিক ভোট গণনাৰ পাছত ANC-এ মাত্র ৪১ শতাংশ ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে। গণতান্ত্রিক মিত্রজোঁটে ২১ শতাংশ ভোট লাভ কৰাৰ বিপৰীতে প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাৰ এম কে দলে ১৩ শতাংশ ভোট লাভ কৰিছে। উল্লেখযোগ্য যে, বর্ণবৈষম্যৰ পৰিসমাপ্তিৰ পিছৰে পৰা বিগত ৩০ বছৰে ANC-এ সংখ্যাগৰিষ্ঠতা লাভ কৰি আহিছে আৰু বিগত ২০১৯ চনৰ নিৰ্বাচনত দলটোৱে ৫৭.৫ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছিল।